ভাৰত গৌৰব মীৰাবাঈলৈ ২ কোটি টকাৰ পুৰস্কাৰ ঘোষণা ৰে’ল বিভাগৰ

 07/27/2021 - 12:53
 
 
 
 
নিউজ ডেস্কঃ ভাৰত গৌৰব মীৰাবাঈলৈ ৰে’ল বিভাগৰ ২ কোটি টকাৰ পুৰস্কাৰ ঘোষণা ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ৷ ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে সোমবাৰে টকিঅ’ অলিম্পিকত ৰূপৰ পদক অৰ্জন কৰা ভাৰত গৌৰব মীৰাবাঈ চানুক সম্বৰ্ধনা জনায় আৰু ২ কোটি টকাৰ পুৰস্কাৰ আৰু উত্তৰ-পূব সীমান্ত ৰে’লৱেত তেওঁৰ চাকৰিত পদোন্নতি ঘোষণা কৰে।
 
মন্ত্ৰীগৰাকীয়ে কয় যে, তেওঁৰ প্ৰতিভা, কঠোৰ পৰিশ্ৰম আৰু কৰ্ম স্পৃহাই বিশ্বজুৰি কোটি কোটি লোকক অনুপ্ৰাণিত কৰিছে। মীৰাবাঈক সম্বৰ্ধনা জ্ঞাপন কৰি টুইটাৰ যোগে তেওঁ লিখে , ‘ভাৰত গৌৰব মীৰাবাঈ চানুক সাক্ষাৎ কৰি অভিনন্দন জনোৱাটো মোৰ বাবে সৌভাগ্যৰ কথা৷ তেওঁ এনেদৰে ভাৰতৰ নাম উজ্বলাই থাকক৷ 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।