শদিয়া সমষ্টিৰ ছৈখোৱা অঞ্চলৰ বান-গড়াখহনীয়াৰ বুজ ললে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই

 07/27/2021 - 14:00
 
 
 
 
কাকপথাৰঃ দীৰ্ঘদিনীয়া জলন্ত বান গড়াখহনীয়া সমস্যাই গ্ৰাস কৰিছে তিনিচুকীয়া জিলাৰ শদিয়া বিধান সভা সমষ্টিৰ ঐতিহাসিক ছৈখোৱা ধলা অঞ্চলক। বান গড়াখহনীয়া সমস্যাক লৈ কি কংগ্ৰেছ, কি বিজেপি প্ৰতিটো দলৰ চৰকাৰে কেৱল ৰাজনীতি কৰি অহাৰ বাহিৰে স্থায়ী সমাধানৰ ক্ষেত্ৰত কোনো ধৰণৰ দীৰ্ঘম্যাদী আচঁনি গ্ৰহণ কৰা দেখা নগল।
 
উক্ত বান, গড়াখহনীয়া সমস্যাৰ ওপৰত বিভিন্ন সময়ত মাত মাতি আহিছে ৰাজ্যৰ দল-সংগঠনসমূহে৷ শেহতীয়াকৈ বান গড়াখহনীয়াৰ জলন্ত সমস্যাৰ গ্ৰাসত পৰা ছৈখোৱা অঞ্চল পৰিদৰ্শন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই।
 
সম্পাদক গৰাকীক সংগ দিয়ে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক নোমল ছেত্ৰী, ডিব্ৰুগড় জিলা ছাত্ৰ সন্থা, তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ লগতে ছৈখোৱা ডাঙৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সঁজাতি দলে। সদৌ অসম ছাত্ৰ সন্থাৰ সম্পাদক গৰাকীয়ে জলন্ত বান গড়াখহনীয়া সমস্যাৰ বুজ লৈ অসম চৰকাৰক ক্ষোভ প্ৰকাশ কৰি কয় যে ছৈখোৱাৰ হাতীঘুলী, কেন’পাচ, অঞ্চলত যি ধৰণে তীব্ৰ গতিত গড়াখহনীয়া হবলৈ ধৰিছে ইয়াক দীৰ্ঘম্যাদী আচঁনিৰে বিজ্ঞানসন্মত ভাৱে ৰোধ কৰিব লাগিব অন্যথা সমগ্ৰ অঞ্চল ব্ৰহ্মপুত্ৰত জাহ যাব সেইয়া নিশ্চিত।
 
অসম চৰকাৰক শীঘ্ৰেই সমাধান কৰাৰ দাবী জনাই আছুৰ সম্পাদক গৰাকীয়ে৷ আনহাতে যোৱা ২২ জুলাই তাৰিখে ধলা হাতীঘুলীৰ কেন’পাচত ব্ৰহ্মপুত্ৰৰ বুকুত সন্ধানহীন হোৱা শদিয়াৰ কিশোৰ তথা ডিগবৈৰ R D কলেজৰ মেধাৱী ছাত্ৰ মনিশ আজিও SDRF বাহিনীয়ে উদ্ধাৰ কৰিব নোৱাৰাটো দুৰ্ভাগ্যজনক বুলি আছু আৰু গোৰ্খা ছাত্ৰ সন্থাই ক্ষোভ প্ৰকাশ কৰে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।