লাহৰীঘাটৰ কাঠনি গাঁও পঞ্চায়তত আঁচনি ৰূপায়নৰ নামত ব্যাপক দুৰ্নীতি

 07/27/2021 - 14:20
 
 
 
 
লাহৰীঘাটঃ চৰকাৰে যিমানেই দুৰ্নীতিমুক্ত অসম গঢ়াৰ কথা নকওঁক একাংশ বিষয়া কৰ্মচাৰীয়ে যেন কেৰেপেই নকৰে। তেনে এক দুৰ্নীতিৰ তথ্য পোহৰলৈ আহিছে মৰিগাঁও জিলাৰ লাহৰীঘাট উন্নয়ন খণ্ডৰ কাঠনি গাঁও পঞ্চায়তত। পঞ্চায়তটোত আচঁনি ৰূপায়নত ব্যাপক দুৰ্নীতি আৰু অনিয়ম সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উথাপন কৰিছে সংশিষ্ট পঞ্চায়তটোৰ একাংশ ৰাইজে।উল্লেখ্য যে, গাঁও পঞ্চায়তটোৰ বাউণ্ডাৰী ৱাল নিৰ্মাণৰ বাবে ২০ লাখ টকা অনুমোদন লাভ কৰি নিৰ্মাণ কৰা হৈছিল।
 
অতি নিম্নমানৰ কাম কৰাৰ বাবেই বৃহৎ ৱালটো এতিয়া বাগৰি পৰে। নামমাত্ৰ কাম কৰিয়েই আচঁনিৰ ধন আত্মসাৎ কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ। পঞ্চায়তটোত এইখন আচঁনি ৰূপায়নত সংঘটিত দুৰ্নীতি আৰু অনিয়মৰ কেৱল মাথো এটা উদাহৰনহে। এতিয়া প্ৰশ্ন হয়, ইয়াৰ এক উচিত তদন্ত হবনে? নে এনেদৰেই পঞ্চায়তটোত দুৰ্নীতি সংঘটিত হৈয়েই থাকিব। পঞ্চায়তবাসী ৰাইজে মৰিগাঁও জিলাৰ উপায়ুক্তৰ লগতে চৰকাৰখনক উক্ত কামৰ শীঘ্ৰে তদন্ত কৰি ব্যৱস্থা গ্ৰহণৰ দাবী জনায়।
 
    
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।