লাহৰীঘাটৰ দাতিয়ালবড়ী এম ই স্কুলত ছাত্ৰ বৃত্তিৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ

 07/27/2021 - 15:21
 
 
লাহৰীঘাটঃ লাহৰীঘাট শিক্ষা খণ্ডৰ অন্তৰ্গত দাতিয়ালবড়ী এম ই স্কুলত ছাত্ৰ বৃত্তিৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে। বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ পৰা ছাত্ৰ বৃত্তিৰ আবেদনৰ নাম ৫০০ টকাকৈ সংগ্ৰহ কৰিছিল বিদ্যালয়খনৰ বৰ্তমানৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক মাইনুল হক চৌধুৰী ওৰফে মজনুয়ে। এই অভিযোগ একাংশ ভূক্তভোগী অভিভাৱকৰ। উল্লেখ্য যে, ২০১৯ আৰু ২০২০ শিক্ষা বৰ্ষৰ ছাত্ৰ বৃত্তি কৰাই দিব বুলি শিক্ষকজনে ৫০০ টকাকৈ সংগ্ৰহ কৰিছিল যদিও ছাত্ৰ-ছাত্ৰীয়ে ছাত্ৰ বৃত্তিৰ ধন লাভ কৰা নাই বুলি একাংশ অভিভাৱকে সংবাদ মাধ্যমৰ আগত অভিযোগ উত্থাপন কৰে।
 
উল্লেখ্য যে, বিদ্যালয়খনৰ শিক্ষক মাইনুল হক চৌধুৰী ওৰফে মজনুয়ে সহকাৰী শিক্ষক হৈ থকা অৱস্থাৰে পৰা ছাত্ৰ বৃত্তিৰ আবেদনৰ নামত শতাধিক শিক্ষাৰ্থীৰ পৰা ৫০০ টকাকৈ সংগ্ৰহ কৰিছিল। ইপিনে ছাত্ৰ-ছাত্ৰীয়ে ছাত্ৰ বৃত্তিৰ ধন লাভ নকৰাত অভিভাৱকসকলে শিক্ষক মাইনুল হক চৌধুৰী ওৰফে মজনুক সুধিলে ওলোটাই অশ্লীল গালি গালাজৰ লগতে ধমকি দিয়ে বুলি শিক্ষকজনৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে একাংশ অভিভাৱকে। এতিয়া প্ৰশ্ন হয়, শূন্য সহনশীলতাৰ শ্ল'গানেৰে শাসনলৈ অহা চৰকাৰৰ দিনত ছাত্ৰ বৃত্তিৰ আবেদনৰ নামত ৫০০ টকাকৈ সংগ্ৰহ শিক্ষক মাইনুল হক চৌধুৰী ওৰফে মজনুৰ বিৰুদ্ধে কিবা ব্যবস্থা গ্ৰহণ কৰিবনে? সেয়া সময়তহে লক্ষ্যনীয় হ'ব?
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।