বটদ্ৰৱাৰ আমলখিত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

 07/27/2021 - 16:08
 
 
 
 
বটদ্ৰৱাঃ নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত আমলখি গাঁৱত আজি পুৱাৰ ভাগত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ অঞ্চল জুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। মৃতদেহটো,  পথাৰৰ মাজত থকা এটি পুখুৰীত উৱলি থকা অৱস্থাত ৰাইজে প্ৰত্যক্ষ কৰি বটদ্ৰৱা আৰক্ষীক খৱৰ দিয়ে। ঘটনাস্থলীত বটদ্ৰৱা আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰভাৱে নগাঁৱলৈ প্রেৰণ কৰাৰ লগতে তদন্ত আৰম্ভ কৰে।
 
মৃত যুৱকজন আমলখি গাঁৱৰ ছাফিকুল ইছলাম বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, মৃত যুৱকজন শনিবাৰৰ সন্ধিয়াৰ পৰাই নিৰুদ্দেশ হৈ আছিল, আৰু আজি পুৱাৰ ভাগত পথাৰত মৃতদেহ উদ্ধাৰ হয়। আৰক্ষীৰ তদন্তত হে পোহৰলৈ আহিব এয়া আত্মহত্যা নে পৰিকল্পিত হত্যাকাণ্ড। মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ আমলখি অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।