বিহালীত চৰকাৰী ভূমি বেদখল একাংশ ভূ-মাফিয়াৰঃ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত চৰকাৰী ভূমি বেদখলেৰে নিৰ্মাণ কাৰ্য্য চলালে আৰ.চি.চি গৃহৰ

 07/27/2021 - 16:12
 
 
 
 বিহালীঃ সম্প্ৰতি একাংশ ভূ-মাফিয়াৰ সন্ত্ৰাস বৃদ্ধি পাইছে ৰাজ্যৰ লগতে বিহালী বিধানসভা সমষ্টিত। তথ্য মতে, বিহালী বিধানসভা সমষ্টিৰ অন্তৰ্গত বিহালী তিনিআলিত প্ৰায় ৪০-৪৫ বৰ্ষৰ পূৰ্বে বিহালীৰ পামবস্তিৰে এজন ব্যক্তিয়ে চাইকেল মেৰামতিৰ অস্থায়ী দোকান দি পৰিয়াল পোহপাল দিছিল। পৰৱৰ্তী সময়ত ব্যক্তিগৰাকীৰ আত্মীয় জমিৰ আলীক উক্ত দোকানখন চমজাই দিয়ে।
 
সেই অনুসৰি, ব্যক্তিগৰাকীয়ে অস্থায়ী চাইকেল মেৰামতিৰ দোকান বিগত কিছুবছৰৰ পৰা চলাই আছিল। অতি শেহতীয়াকৈ, বিহালী তিনিআলিতে বসবাস কৰা দীপালী দাস নামৰ মহিলাগৰাকীয়ে উক্ত চৰকাৰী ভূমি বিক্ৰী কৰে চাদ্দাম হুছেইন ওৰফে আজিজুল হুছেইনক। পৰৱৰ্তী সময়ত আজিজুল হুছেইনে উক্ত চৰকাৰী ভুমি বেদখল কৰি নিৰ্মান কৰিছে অট্টালিকা। 
অন্যহাতে, সোমবাৰে উক্ত স্থান পৰিদৰ্শন কৰে বিশ্বনাথৰ ৰাজহ চক্ৰ বিষয়াৰ লগতে বিভাগীয় লাটমণ্ডলে। স্থান পৰিদৰ্শন কৰি বেদখল কৰা ভুমিত কিয় অট্টালিকা নিৰ্মাণ কৰিবা বুলি আজিজুলক ধমক দিয়ে ৰাজহ চক্ৰ বিষয়াই।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।