অৰুণাচলত পুনৰ আক্ৰমণৰ বলি অসমৰ দুই যুৱক

 07/27/2021 - 16:38
 
 
মাৰ্ঘেৰিটাঃ অৰুণাচলত পুনৰ আক্ৰমণৰ বলি অসমৰ যুৱক৷ অৰুনাচলত কৰ্মৰত দুই যুৱকক শাৰিৰীকভাৱে নিৰ্যাতন চলোৱা অভিযোগ উঠিছে ঠিকাদাৰৰ বিৰুদ্ধে৷ লিডুৰ নিবাসী দিপক গোৱালা আৰু টিংকু গোৱালাক ঠিকাদাৰ চৌকত আলি নামৰ ব্যক্তিজনে গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰাৰ অভিযোগ তুলিছে দুই যুৱকে৷ নিজৰ প্ৰাপ্ত পাৰিশ্ৰমিক বিচৰাৰ বাবেই প্ৰহাৰ৷
 
শৰীৰৰ বিভিন্ন অংশত গুৰুতৰভাৱে আঘাত পোৱাৰ লগতে বুকুত আঘাতৰ চিন দুই যুৱকৰ৷ দিপক গোৱালা নামৰ যুৱকজনে শ্বাস-প্ৰশ্বাস লোৱাত অসুবিধাৰ সন্মুখীন হোৱাৰ কথা সদৰী কৰিছে৷ যুৱক দুজনক উগ্ৰপন্থীৰ ভাবুকি প্ৰদান কৰা বুলিওঁ অভিযোগ৷ বৰ্তমান যুৱক দুজনে অৰুনাচলৰ পৰা নিজৰ প্ৰাণ ৰক্ষা কৰি নিজ গৃহলৈ পলাই আহিবলৈ সক্ষম হৈছে৷ ঠিকাদাৰ চৌকত আলিক বিৰুদ্ধে বিহিত ব্যৱস্থা লবলৈ আহ্বান দুই যুৱকৰ৷ 
 
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।