নগাঁও জিলাৰ জুৰীয়াৰ সমীপৰ কলনিজলাহত পানীত পৰি শিশুৰ মৃত্যু, অঞ্চলজুৰি শোকৰ ছাঁ

 07/27/2021 - 17:55
 
 
বটদ্ৰৱাঃ নগাঁও জিলাৰ জুৰীয়াৰ সমীপৰ কলনিজলাহত আজি এটি শিশু পানীত পৰি অকাল মৃত্যুক সাবটি লোৱা ঘটনাই সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে। জানিব পৰা মতে, পাঁচ বছৰীয়া দেৱ শিশুটিয়ে সমনীয়াৰ সৈতে ঘৰৰ পিছফালে খেলি থকা সময়তে হৎঠাত নিখোজ হৈ পৰিছিল। কিছু সময় পিছত ঘৰৰ ওচৰতে থকা পুখৰীত উপঙি থকা অৱস্থাত শিশুটিক প্ৰত্যক্ষ কৰিছিল পৰিয়ালৰ লোকে।
 
ততাতৈয়াকৈ শিশুটিক উদ্ধাৰ কৰি জুৰীয়া ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত লৈ যায়। চিকিৎসকে শিশুটিক পৰীক্ষা-নিৰীক্ষা কৰি মৃত বুলি ঘোষণা কৰে আৰু পৰিয়ালৰ লোকে ঘৰলৈ লৈ আনে। ইপিনে সংবাদ মাধ্যমৰ আগত পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে, ঘৰলৈ অনাৰ পিছতো শিশুটি লৰচৰ কৰিছিল। পিছত নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাই যদিও চিকিৎসকে শিশুটিক পৰীক্ষা নিৰীক্ষা কৰি মৃত বুলি ঘোষণা কৰে। শিশুটিৰ অকাল মৃত্যুত সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে। উল্লেখ্য যে দুদিন পূৰ্বে জুৰীয়াৰ সমীপৰ ৰূপহীহাটৰ শিঙীমাৰীত একেলগে দুটি শিশু পানীত পৰি মৃত্যু হৈছিল।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।