অসমত এতিয়া গৰুহে সুৰক্ষিত, মানুহ সুৰক্ষিত নহয়, মিজো আক্ৰমণৰ ঘটনাত প্ৰতিক্ৰিয়া বটদ্ৰৱাৰ বিধায়িকা শিৱামনি বৰাৰ

 07/27/2021 - 18:33
 
 
 
বটদ্ৰৱাঃ অসমত এতিয়া গৰুহে সুৰক্ষিত মানুহ সুৰক্ষিত নহয়। অসম মিজোৰাম সীমান্ত লাইলাপুৰত মিজোৰ আক্ৰমণত অসমৰ সাতজনকৈ জোৱানৰ মৃত্যুত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এই মন্তব্য কৰে বটদ্ৰৱাৰ কংগ্ৰেছী বিধায়িকা শিৱামনি বৰাই। আজি নগাঁও জিলা কৃষি বিভাগৰ উদ্যোগত ধিঙৰ শলগুৰিৰ পথাৰত কঠিয়া ৰূপণ কৰা এক কাৰ্যসূচীত অংশ লৈ সাংবাদিকৰ আগত এই মন্তব্য কৰে বিধায়িকা শিৱামনি বৰাই।
 
আনহাতে, যোৱা দুদিন ধৰি সংবাদ মাধ্যম আৰু ৰাজনৈতিক মহলত কংগ্ৰেছৰ বিধায়িকা শিৱামনি বৰাই বিজেপিত যোগদান কৰিব বুলি ব্যাপকভাৱে চৰ্চা চলি থকা সময়তে আজি সংবাদ মাধ্যমৰ আগত মুখ খুলি বিধায়িকা গৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, " মই স্বাধীনতা যুজাৰুৰ জীয়াৰী, মোৰ গাত কংগ্ৰেছৰ তেজ আছে, জন্ম হৈছো কংগ্ৰেছীৰ পৰিয়ালত আৰু মৃত্যুৰ আগলৈকে কংগ্ৰেছতে থাকিম। সকলো গৈ গৈ কংগ্ৰেছত শেষত যদি কোনোবা থাকে সেই গৰাকী হব একমাত্ৰ শিৱামনি বৰা।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।