চিলনীজান সমবায়ত চৰকাৰী ৰেচন কাৰ্ডৰ বিতৰণৰ নামত ১০০ টকাকৈ সংগ্ৰহ

 07/28/2021 - 12:12
 
 
বোকাজানঃ কাৰ্বি আংলং জিলাৰ বোকাজান বিধানসভা সমষ্টিৰ চিলনীজানত ৰেচন কাৰ্ড বিতৰণৰ নামত ধন সংগ্ৰহ। দুখীয়াৰ নামত অহা ৰেচন কাৰ্ডসমূহ বিতৰণৰ ক্ষেত্ৰ। চিললীজান সমবায়ত হৈছে অনিয়ম। নতুন কাৰ্ড বিতৰণৰ নামত দুখীয়া জনসাধাৰণৰ পৰা সংগ্ৰহ কৰিছে ১০০ টকাকৈ। ৰেচন কাৰ্ড ল'বলৈ যোৱা এজন ব্যক্তিৰ গোপন কেমেৰাত বন্দি হোৱা এই দৃশ্য লক্ষ্য কৰক কিদৰে ৰেচন কাৰ্ড বিতৰণৰ নামত ধন সংগ্ৰহ কৰিছে চিলনীজান সমবায়ৰ ভগিৰথ শ্যাম নামৰ লোক জনে। এজন ব্যক্তিক চৰকাৰে প্ৰদান কৰা ৫ কেজি চাউলৰ পৰাও এক কেজিকৈ চিলনীজান কোপাৰেটিভত কাটি ৰাখে বুলি অভিযোগ কৰিছে ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে। দুখীয়া ৰাইজক প্ৰদান কৰা ৰেচন কাৰ্ড আৰু চাউলৰ অংশ কাঢ়ি খোৱা এই লোকসকলৰ বিৰুদ্ধে কিবা ব্যবস্থা গ্ৰহণ কৰিব নে চৰকাৰখনে?
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।