টীয়ক পৌৰ সভাই ৰাজহুৱা প্ৰেক্ষাগৃহত পুতিলে মৃত গৰুঃ দুৰ্গন্ধই বৃহত্তৰ আবাসিক এলেকালৈ কঢ়িয়াইছে এক অস্বাস্থ্যকৰ পৰিৱেশ

 07/28/2021 - 12:22
 
 
 
 
টীয়কঃ দেশৰ প্ৰধানমন্ত্ৰীৰ আহ্বানক বুঢ়া আঙুলি দেখুৱাই স্বচ্ছ ভাৰত অভিযানক উপলুঙা কৰি যোৰহাট জিলাৰ টীয়ক পৌৰসভাই টীয়কৰ এটি অৰ্ধনিৰ্মিত ৰাজহুৱা প্ৰেক্ষাগৃহত এটি মৃত গৰু পুতি আবাসিক এলেকাটোত অস্বাস্থ্যকৰ পৰিৱেশ সৃষ্টি কৰাকলৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। উল্লেখ্য যে টীয়ক ৰাজহচক্ৰ বিষয়াৰ কাৰ্যালয় আৰু টীয়কৰ দেওবৰীয়া সাপ্তাহিক বজাৰৰ গাতে লাগি আছে নিৰ্মিয়মান এটি ৰাজহুৱা প্ৰেক্ষাগৃহ।
 
সম্পূৰ্ণ নহলেও স্থানীয়লোকে বিভিন্ন অনুষ্ঠান অনুষ্ঠিত কৰে এই ৰাজহুৱা প্ৰেক্ষাগৃহটোত। কিন্তু যোৱা ২৫ জুলাইত পৌৰসভাৰ চাফাই কৰ্মচাৰীয়ে এটি মৃত গৰু লৈ আহে প্ৰেক্ষাগৃহ মজিয়াত পুতিবলৈ কিন্তু কাষৰীয়া বাসিন্দা সকলে মৃত গৰুটো মজিয়াত পুতিবলৈ বাধা দিয়াৰ পিছতো চাফাই কৰ্মী কেইগৰাকীয়ে মজিয়াতে পুতি থৈ যায় মৃত গৰুটো। সম্প্ৰতি মৃত গৰুটো দুদিনৰ পিছতে কুকুৰে খান্দি উলিয়াই অনাত ইয়াৰ দুৰ্গন্ধই আবাসিক সকলক যমৰ যান্তনা দিছে যদিও কানসাৰ নাই টীয়ক পৌৰসভাৰ।
 
মনকৰিবলগীয়া যে প্ৰায় এবছৰৰ পূৰ্বে পৌৰসভাৰ কাৰ্যকাল শেষ হোৱাত কাৰ্যবাহী বিষয়াৰ নেতৃত্বত পৰিচালিত টীয়ক পৌৰসভা। বৰ্তমান টীয়ক ৰাজহচক্ৰৰ চক্ৰবিষয়া গৰাকী কাৰ্যবাহী বিষয়া কিন্তু এগৰাকী বিষয়াকে অত্যাধিক দায়িত্ব প্ৰদান কৰাত এতিয়া চৰম অচলাৱস্থা টীয়ক পৌৰসভাত। বিভিন্ন ৰোগৰ কাৰক অস্বাস্থ্যকৰ পৰিৱেশ বুলি চিকিৎসা বিজ্ঞানে মতপোষণ কৰে তেনে সময়ত টীয়ক পৌৰসভাৰ দৰে এটি চৰকাৰী কাৰ্যালয়ৰ কৰ্মচাৰীয়ে স্থানীয় ৰাইজে বিভিন্ন অনুষ্ঠান অনুষ্ঠিত কৰা প্ৰেক্ষাগৃহৰ মজিয়াত মৃত গৰু পোতাৰ পিছত চাফাই কৰ্মীসকলক পৰিচালনা কৰা পৌৰসভাৰ বিষয়ববীয়াৰ বিৰুদ্ধে কাৰ্যবাহী বিষয়া গৰাকীয়ে কি ব্যৱস্থা লয় সেয়া লক্ষণীয় হব? 
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।