ঈশান উদয় স্ক'লাৰশ্বিপৰ নামত ভয়ংকৰ কেলেংকাৰীঃ কেলেংকাৰীৰ তথ্য পোহৰলৈ অহাৰ পিছতে পাঠশালাত ছাত্ৰ-ছাত্ৰীৰ তীব্ৰ প্ৰতিক্ৰিয়া

 07/28/2021 - 12:48
 
 
 
 
 
বজালীঃ ঈশান উদয় স্ক'লাৰশ্বিপৰ নামত হোৱা ভয়ংকৰ কেলেংকাৰীৰ তথ্য পোহৰলৈ অহাৰ পিছতে বিভিন্ন স্থানত ছাত্ৰ-ছাত্ৰীসকল ওলাই আহিছে। কেৱল মেধাৰ ভিত্তিত উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰা হয় এই জলপানি। বিশ্ব বিদ্যালয় অনুদান আয়োগে একো গৰাকী ছাত্ৰ-ছাত্ৰীৰ পঢ়াৰ ক্ষেত্ৰত সহায় হোৱাকৈ জলপানিৰ পৰিমাণ ধাৰ্য্য কৰিছে। কিন্তু অসমৰ 
আগশাৰীৰ শিক্ষানুষ্ঠানসমূহৰ যোগ্য মেধাৱী ছাত্ৰ-ছাত্ৰীৰ সৰহ সংখ্যকেই বঞ্চিত হোৱাৰ লগতে তালিকাত নাম ঠিকনা বিচাৰি হাবাথুৰি খাবলগীয়া হৈছে। উদাহৰণস্বৰূপে হিতাধীকাৰীৰ উপাধি যদি হুছেইন, তেন্তে পিতৃৰ উপাধি দাস আৰু ধৰ্ম খ্ৰীষ্টান বুলিহে আছে।
 
এই দুৰ্নীতিৰ ফলত একাংশ দুখীয়া শ্ৰেণীৰ শিক্ষাৰ্থীয়ে মানসিকভাৱে আঘাট পাইছে। ঈশান উদয় স্ক'লাৰশ্বিপৰ জলপানিৰ পৰা বঞ্চিত শিক্ষানগৰী পাঠশালাৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰো বহুকেইগৰাকী ছাত্ৰ-ছাত্ৰী। ক্ষোভত কৰনাসৃষ্ট পৰিৱেশৰ মাজতো ন্যায় বিচাৰি ওলাই আহিল মেধাৱী ছাত্ৰ-ছাত্ৰীসকল আৰু অসম চৰকাৰক এই ঈশান উদয় স্ক'লাৰশ্বিপৰ দুৰ্নীতিৰ নিৰ্মোহ-নিৰপেক্ষ তদন্ত কৰাৰ লগতে এই কেলেংকাৰীৰে জড়িত ৰৌ-বৰালী বোৰকো ধৰি দৃষ্টান্তমূলক শাস্তি বিহিবলৈ দাৱী জনায় সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যালয় সম্পাদক সমুদ্ৰ পাটগিৰীয়ে। আনহাতে প্ৰতিজন ভূৱা হিতাধীকাৰীৰ নাম কৰ্তন কৰি উপযুক্ত সকলৰ নাম অন্তৰ্ভুক্ত কৰাৰো দাবী জনায় চৰকাৰক। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।