ক’ভিড প্ৰটকল মানি দেহাৰকুছি আৰু বৰখালাত ৰাজহুৱা শ্ৰীশ্ৰী নাগপঞ্চমী পূজা উদযাপন

 07/28/2021 - 16:40
 
বাহাৰঘাটঃ ক’ভিড প্ৰটকল মানি দেহাৰকুছি আৰু বৰখালাত ৰাজহুৱা শ্ৰীশ্ৰী নাগপঞ্চমী পূজা উদযাপন৷ সীমিত সংখ্যক ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত পূজা উদযাপন৷ জনশূন্য দেহাৰকুছি মনসাপীঠ আৰু বৰখালা ঠাকুৰাণী থান৷ ঐতিহাসিক যুগৰে পৰা ৰাজহুৱাভাৱে উদযাপিত হৈ অহা নলবাৰী জিলাৰ দেহাৰকুছি মনসাপীঠৰ ৰাজহুৱা শ্ৰীশ্ৰী নাগপঞ্চমী পূজাভাগ এইবেলি ক’ৰনা মহামাৰীৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে সীমিত সংখ্যক ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত উদযাপন কৰে৷ আনহাতে অঞ্চলটোৰ অন্যতম পীঠস্থান বৰখালা শ্ৰীশ্ৰী আই ঠাকুৰাণী থানতো কেইজনমান ভক্তপ্ৰাণ ব্যক্তিৰ উপস্থিতিত ৰাজহুৱা নাগপঞ্চমী পূজাভাগ উদযাপন কৰে৷ উল্লেখযোগ্য যে যোৱা বেলিও উক্ত দুয়োস্থানত কৰনা মহামাৰীৰ ভয়াবহ সংক্ৰমন প্ৰতিৰোধৰ বাবে অনুষ্টুপীয়াকৈ পূজা উদযাপন কৰিছিল৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।