জামুগুৰিহাটৰ মঙ্গলবৰীয়াত পানীত পৰি ৭ বছৰীয়া শিশুৰ মৃত্যুঃ শোকৰ ছাঁ

 07/31/2021 - 15:04
 
 
জামুগুৰিহাটঃ জামুগুৰিহাটৰ মঙ্গলবৰীয়া খৃষ্টানবস্তিত শুকুৰবাৰে নিশা এটি শিশু পানীত পৰি মৃত্যু হোৱা ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পৰিছে৷ ঘটনাৰ বিৱৰণি অনুযায়ী মঙ্গলবৰীয়া নিৱাসী উত্তম পূৰ্তীৰ ৭ বছৰীয়া পুত্ৰ জ'ন পূৰ্তী সন্ধ্যা ঘৰৰ কাষতে থকা পুখুৰিৰ পাৰত খেলি থকা অৱস্থাত পানীত পিচলি পৰে৷ পিচত পৰিয়ালৰ লোকে জ'ন পূৰ্তীক বিভিন্ন ঠাইত বিছাৰি কোনো শুংসুত্ৰ নোপোৱাত ওচৰ চুবুৰীয়াক খৱৰ দিয়ে৷
 
চুবুৰীয়া ৰাইজে বিচাৰ-খোচাৰ কৰাত নিশা প্ৰায় ১০ মান বজাত ঘৰৰ কাষৰ পুখুৰিত পানীত ওপঙি থকা অৱস্থাত শিশুটিৰ মৃতদেহ প্ৰত্যক্ষ কৰে৷ গাঁওবাসী ৰাইজে শিশুটিৰ মৃতদেহ পুখুৰিৰ পৰা উদ্ধাৰ কৰি জামুগুৰি আৰক্ষীক খৱৰ দিয়ে৷ শণিবাৰে পুৱা জামুগুৰি আৰক্ষীয়ে মৃতদেহটো মৰনোত্তৰ পৰীক্ষাৰ বাবে তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে৷ শিশুটিৰ কৰুণ মৃত্যুত অঞ্চলটিত শোকৰ ছাঁ পৰে৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।