নগাঁৱৰ ৰূপহীহাটৰ গড়াজানত কৰ্তব্যৰত আৰক্ষীৰ ওপৰত দলবদ্ধ আক্ৰমণ দুৰ্বৃত্তৰ, গুৰুতৰভাৱে আহত দুই আৰক্ষী জোৱান

 08/01/2021 - 12:18
 
 
বটদ্ৰৱাঃ নগাঁৱৰ ৰূপহীহাটৰ গড়াজানত কৰ্তব্যৰত আৰক্ষীৰ ওপৰত দলবদ্ধ আক্ৰমণ দুৰ্বৃত্তৰ। গুৰুতৰভাৱে আহত দুই আৰক্ষী জোৱান। ৰূপহীহাটৰ পশ্চিম ফুটালজাৰত ১০ জনীয়া দুৰ্বৃত্তৰ দল এটাৰ আৰক্ষীৰ ওপৰত দলবদ্ধ আক্ৰমণ। হাতে চোকা অস্ত্ৰ লৈ আৰক্ষীৰ ওপৰত চলায় এই আক্ৰমণ।
 
দুৰ্বৃত্তৰ আক্ৰমণত গুৰুতৰভাৱে আহত গৃহৰক্ষী বাহিনীৰ জোৱান ইক্ৰামুল হোছেইন সহ এজন আৰক্ষী জোৱান। নেতৃস্থানীয় যুৱকৰ প্ৰচেষ্টাত উদ্ধাৰ দুই আৰক্ষী।
 
আহত দুই আৰক্ষীক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ঘটনা সন্দৰ্ভত গড়াজান আৰক্ষী চকীত এজাহাৰ দাখিল আৰক্ষী জোৱানে। যোৱা কালি নিশাৰ ভাগত সংঘটিত হৈছে এই বৰ্ব্বৰ ঘটনা। ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ নগাঁও জিলাতে।
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।