ভেকুলী বিয়াৰ পৰম্পৰাৰ মাজতে ধাৰাষাৰ বৰষুনৰ পানীৰে ভৰি পৰিল খেতিপথাৰঃ উৎফুল্লিত শদিয়া সমষ্টিৰ ছৈখোৱাৰ মেগেলা গাঁওবাসী

 08/01/2021 - 15:28
 
 
 
কাকপথাৰঃ এখন ব্যতিক্ৰমী বিয়া। আয়োজন কৰা হৈছে ভোঁজ-ভাতৰ৷ আগমন ঘটিছে গাঁৱৰ মহিলা, কণ কণ শিশুসকলৰ লগতে বিভিন্নজনৰ৷ কিন্তু এই বিয়া কোনো মানুহৰ নহয়৷ এই বিয়া হৈছে পৰম্পৰা অনুসৰি বৰষুণৰ অভাৱত কৃষক ৰাইজে আয়োজন কৰা ভেকুলীৰ৷ যি সময়ত ৰাজ্যবাসী ব্যস্ত থাকে খেতি পথাৰত তাৰ বিপৰীতে কিন্তু খেতি পথাৰত পানীৰ অভাৱত হাহাকাৰ কৰিবলগীয়া হৈছে শদিয়া বিধান সভা সমষ্টিৰ বিভিন্ন গাঁৱৰ খেতিয়ক ৰাইজ। প্ৰখৰ ৰদৰ বাবে চিৰাল ফাট মেলিছে খেতিপথাৰ সমূহত। বিভিন্ন স্থানত বৰষুণ বিচাৰি বৰুণ দেৱতাক সন্তুষ্ট কৰিবলৈ আয়োজন কৰিছে ভেকুলীৰ বিয়া।
 
যি সময়ত ৰাজ্যৰ মন্ত্ৰী, বিধায়ক, ৰাজনৈতিক নেতাসকলে পথাৰত নামি খেতি কৰাৰ দৃশ্য বিভিন্ন প্ৰচাৰ মাধ্যমত দেখিবলৈ পোৱা গৈছে তাৰ বিপৰীতে কিন্তু ১২৬ নং শদিয়া বিধান সভা সমষ্টিৰ ছৈখোৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত মেঘেলা গাঁও পঞ্চায়তৰ মেগেলা গাঁৱৰ কৃষক ৰাইজে এজাক বৰষুনৰ বাবে পাতিব লগীয়া হৈছে ভেকুলীৰ বিয়া৷ এই পৰম্পৰা পালন কৰি থকাৰ সময়তে অকস্মাৎ ধাৰাষাৰ বৰষুনে খেতি পথাৰত পানীৰে উপচাই পেলোৱাৰ পিছত উৎফুল্লিত হৈ পৰিছে মেগেলি গাঁওবাসী ৰাইজ।
 
ৰাজ্যৰ বিয়াগোম জলসিঞ্চন বিভাগৰ পৰিৱৰ্তে ধন্যবাদ জনাইছে বৰুন দেৱতাক৷ যি সময়ত ৰাজ্য চৰকাৰ তথা জলসিঞ্চন বিভাগ আৰু কৃষি বিভাগে এইসকল কৃষক সকলৰ দুৰৱস্তাৰ বুজ লব লাগিছিল কিন্তু তাৰ বাবে যেন হাতত সময় নাই তেওঁলোকৰ৷ যেন ব্যস্ত মাঁথো খেতি পথাৰত কিছু ক্ষণৰ বাবে পদধূলা পেলাই ফটোশ্বুটৰ বাবে। এইসকল দৰিদ্ৰ কৃষকৰ ওপৰত চকু পৰিব নে বিভাগৰ খেতি পথাৰত পানীৰ ব্যৱস্থা কৰিব নে জলসিঞ্চন বিভাগে৷ স্থানীয় কৃষক ৰাইজে এতিয়া ৰাজ্য চৰকাৰ, জলসিঞ্চন বিভাগ, কৃষি বিভাগলৈ দাবী জনাইছে খেতি পথাৰত পানীৰ ব্যৱস্থা কৰিবলৈ।
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।