মানকাচৰত ভূমি বিবাদক কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত প্রচণ্ড মাৰপিট

 08/01/2021 - 16:32
 
মানকাচৰঃ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰ থানা এলেকাৰ মানকাচৰৰ তিনি আলীত ভূমি বিবাদক কেন্দ্ৰ কৰি মাৰপিটৰ ঘটনা সংঘটিত হয়।
 
উল্লেখযোগ্য যে কায়ম আহমেদ আৰু আহমেদ হুছেইনৰ গুণ্ডা বাহিনীয়ে আতোয়াৰ, আনোৱাৰ ইছলাম, আব্দুল ছামাদ আৰু আঁজুৱাৰাক চোকা অস্ত্ৰৰে আক্ৰমণ কৰি কায়ম আহমেদ, আহমেদ হুছেইন ঘটনাস্থলীৰ পৰা পলায়ন কৰে।
 
জানিব পৰা মতে আতোয়াৰ আৰু আনোৱাৰ ইছলামৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। ইতিমধ্যে আঁজুৱাৰা বেগমে মানকাচৰ থানাত এখন গোচৰ ৰুজু কৰে case no- 642/21.U/S 326/34 ipc. এতিয়া মানকাচৰ আৰক্ষীযে কি ব্যৱস্থা গ্ৰহণ কৰিব এয়া পৰবৰ্তী সময়ত হব লক্ষ্যণীয়? 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।