জামুগুৰিহাটৰ ১ নং বাটমাৰীত এটা প্ৰকাণ্ড অজগৰ সাপ উদ্ধাৰ

 08/02/2021 - 15:15
 
 
 
জামুগুৰিহাটঃ জামুগুৰিহাটৰ ১ নং বাটমাৰীত এটা প্ৰকাণ্ড অজগৰ সাপ উদ্ধাৰ। এজোপা বাঁহ গছত স্থানীয় ৰাইজে এটা প্ৰকাণ্ড অজগৰ সাপ প্ৰত্যক্ষ কৰাত অঞ্চলৰে প্ৰকৃতিপ্ৰেমী দিলোৱাৰ হুছেইনে প্ৰায় ১১ মান বজাত অতি নিখুটভাবে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
 
উক্ত প্ৰকাণ্ড অজগৰ সাপটো নামেৰী ডেভলপমেন্ট চছাইটিৰ উদ্যোগত নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ বন বিষয়া জ্ঞানেন্দ্ৰ ছেত্ৰীৰ হাতত নামেৰী ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰিবৰ বাবে চমজায় দিয়ে বুলি জানিবলৈ দিয়ে নামেৰী ডেভলপমেন্ট চছাইটিৰ সদস্য অচিনী সিঙে। 
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।