শুৱালকুছিত ব্যতিক্ৰমী ধৰণে লাভলীনাক শুভেচ্ছা

 08/03/2021 - 16:37
 
 
কামপুৰঃ কাইলৈ টকিঅ' অলিম্পিকৰ বক্সিঙ ৰিঙত নামিব অসম কন্যা লাভলিনা বৰগোঁহাই। চেমিফাইনেলৰ পূৰ্বে লাভলিনালৈ ব্যতিক্ৰমী ধৰণে শুভকামনা শুৱালকুছি বুদৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয় আৰু স্প'ৰ্টছ একাডেমী অৱ শুৱালকুছিৰ তৰফৰ পৰা। খেলুৱৈগৰাকীৰ আত্মবিশ্বাস বৃদ্ধি কৰি তোলাৰ বাবে শুৱালকুছিৰ ব্ৰহ্মপুত্ৰৰ পাৰত সেউজ বালিছৰত গামোচাৰে শুৱালকুছি Sports একাডেমীৰ ছাত্ৰ-ছাত্ৰীসকলে খোদিত কৰিলে লাভলিনাৰ নাম। ছাত্ৰ-ছাত্ৰী আৰু খেলুৱৈসকলৰ আশা অসম কন্যা আইৰণ গাৰ্ল লাভলীনাই আজুৰিব অলিম্পিকত স্বৰ্ণ পদক।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।