বদৰপুৰ বিধানসভা সমষ্টিৰ মালুয়া শ্ৰীগৌৰি গাঁওপঞ্চায়তত জবকাৰ্ডৰ নামত চলিছে ব্যাপক কেলেংকাৰী

 08/04/2021 - 18:11
 
 
বদৰপুৰঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দুৰ্নীতিৰ বিৰুদ্ধে সৰব হলে ও গাঁও পঞ্চায়তৰ কৰ্মসংস্কৃতি নাইকিয়া হৈ পৰিছে| মালুয়া শ্ৰীগৌৰি গাঁও পঞ্চায়তত চলিছে হৰিৰ লুট| উন্নয়নৰ নামত চলিছে লক্ষ লক্ষ টকাৰ আত্মসাত| পঞ্চায়তৰ সকলো উন্নয়নমূলক আঁচনিত ব্যাপক দুৰ্নীতি পৰিলক্ষিত হৈছে| এমজিএনৰেগাত শ্ৰমিকৰ পৰিৱৰ্তে জেচিবি লগাই চলিছে কাম| বদৰপুৰ বিধানসভা সমষ্টিৰ মালুয়া শ্ৰীগৌৰি গাঁওপঞ্চায়ত জবকাৰ্ডৰ নামত চলিছে ব্যাপক কেলেংকাৰী| জবকাৰ্ডৰ নামত কেইবা লক্ষ টকা আত্মসাত কৰা হৈছে|
 
জবকাৰ্ডৰ জৰিয়তে স্থানীয় নিবনুৱা সকলোক স্বাৱলম্বী কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে কোটি কোটি টকা আবণ্ঠন দিলে ও একাংশ দুৰ্নীতিগ্ৰস্থ বিষয়াৰ প্ৰত্যক্ষ নিবনুৱা সকলক বঞ্চিত কৰি চলিছে চৰকাৰী টকাৰ আত্মসাত| কেবল এমজিএনৰেগাৰ ফলক লগাই সামান্য মাটি পেলাই কেইবা টকা আত্মসাতৰ অভিযোগ তুলিলে বদৰপুৰৰ বিধায়ক আব্দুল আজিজৰ ব্যক্তিগত সচিব নুৰুজ্জামানে|
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।