তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত কাঠ ভৰ্তি ট্ৰাক জব্দ

 08/07/2021 - 14:08
 
মাৰ্ঘেৰিটাঃ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত নিয়মিত আৰক্ষীৰ তালাচীত BR 06 GB 9408 নম্বৰৰ কাঠভৰ্তি ট্ৰাক জব্দ। কেইবালক্ষ টকাৰ কাঠ আছে ট্ৰাকখনত। অৰুণাচল প্ৰদেশৰ নামচাইৰ পৰা আহিছিল ট্ৰাকখন। নলবাৰী অভিমুখে আহি থকা ট্ৰাকখনৰ নথিপত্ৰকলৈ সন্দেহ হোৱাৰ বাবেই জব্দ কৰে আৰক্ষীয়ে। ইতিমধ্যে বন বিভাগে গাড়ীখন চমজি লৈ তদন্ত আৰম্ভ কৰিছে। তদন্তৰ পাছতহে স্পষ্ট হ'ব গাড়ীখনত থকা কাঠখিনি বৈধ নে অবৈধ। অৱশ্যে এটা কথা ঠিক ফটোকপি নথিপত্ৰৰে নিয়মিত এইদৰে কাঠ ভেনাৰ সৰবৰাহ হৈ আছে।উল্লেখ্য যে জব্দ কৰা কাঠখিনি জনৈক ভাইকণৰ হয় বুলি ট্ৰাক চালকে জানিবলৈ দিছে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।