বাক্সাৰ শালবাৰীত UPPL ৰ কৰ্মীসভাত উত্তপ্ত পৰিস্থিতি

 08/13/2021 - 19:01
 
শালবাৰীঃ বাক্সাৰ শালবাৰীত UPPL ৰ কৰ্মীসভাত উত্তপ্ত পৰিস্থিতি। শালবাৰীৰ নিমুৱাৰ বাপুজি হাইস্কুলত অনুষ্ঠিত UPPL ৰ শালবাৰী জিলা সমিতিৰ সভাত সৃষ্টি হয় এই অনাকাংক্ষিত পৰিস্থিতিৰ। একাংশ নেতাৰ একনায়ত্ববাদৰ বাবে সৃষ্টি হয় এই পৰিস্থিতিৰ। ক'ভিড পৰিস্থিতিক আওকাণ কৰি অনুষ্ঠিত সভাত UPPL শালবাৰী সমষ্টিৰ TLCC ৰ অধ্যক্ষ বিনোদ মুছাহাৰীৰ বিৰুদ্ধে ক্ষোভৰ বহ্নিঃপ্ৰকাশ একাংশ সদস্যৰ। দুভাগত বিভক্ত হোৱাৰ দিশে UPPLৰ শালবাৰী জিলা সমিতি। TLCC ৰ অধ্যক্ষ তথা জিলা সম্পাদক বিনোদ মুছাহাৰীৰ বিৰুদ্ধে ধন আত্মসাতৰ অভিযোগ সভাপতি যোগেশ্বৰ বসুমতাৰীৰ।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।