ডুমডুমাত মন্ত্ৰী সঞ্জয় কিষানৰ সপক্ষে অসম চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ সংবাদমেল

 08/14/2021 - 19:08
 
 
ডুমডুমাঃ বিগত কিছুদিনৰ পৰা ৰাজ্যৰ কেবিনেট মন্ত্ৰী তথা তিনিচুকীয়া সমষ্টিৰ বিধায়ক সঞ্জয় কিষানৰ বিৰুদ্ধে দুৰ্নীতি, কমিচন ইত্যাদিকলৈ একাংশ সংবাদ মাধ্যমত ধাৰাবাহিক বাতৰি পৰিবেশন হৈ অহাৰ পিছতেই মন্ত্ৰীজনৰ সপক্ষে সংবাদ মেল আয়োজন কৰিছে অসম চাহ জনগোষ্ঠী জাতিয় মহাসভা নামৰ সংগঠনটোৱে৷ ডুমডুমাত আয়োজন কৰা সংবাদমেলৰ যোগেদি ৰাজীৱ মাঝী আৰু বনী চাহানী নামৰ মন্ত্ৰী সঞ্জয় কিষাণৰ পূৰ্বৰ ঘনিষ্ঠ ব্যক্তি দুগৰাকীয়ে একাংশ সংবাদ মাধ্যমত মন্ত্ৰী গৰাকীৰ বিৰুদ্ধে নানা অভিযোগ উত্থাপন কৰি মন্ত্ৰীগৰাকীক মানসিক অত্যাচাৰ চলোৱা বন্ধ কৰিবলৈ আহ্বান জনাই সংগঠনটোৱে|
 
লগতে মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে থকা অভিযোগ সমুহ ৰাজ্যৰ মুখ্যমন্ত্ৰীক তথ্য সহকাৰে দাখিল কৰি মন্ত্ৰী গৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাব লাগে বুলি কয় সংগঠনটোৰ নেতৃত্বই৷ দুৰ্নীতি-অনিয়মৰ অভিযোগ নিৰ্দিষ্ট স্থানত দাখিল কৰাৰ পৰিৱৰ্তে সংবাদ মাধ্যমত বাৰে বাৰে চাঞ্চল্য সৃষ্টি কৰি চাহ জনগোষ্ঠীয় মন্ত্ৰীজনক জন মানসত হেয় প্ৰতিপন্ন কৰাৰ লগতে মানসিক অত্যাচাৰ চলোৱা বন্ধ নকৰিলে পৰৱৰ্তী সময়ত সংগঠনটোৱে হাত সাবটি বহি নাথাকিব বুলি হুংকাৰ দিয়ে সংগঠনটোৰ নেতৃত্বই| 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।