মহানগৰীৰ বশিষ্ঠত দুখনকৈ চোৰাং চাউল ভৰ্তি ট্ৰাক জব্দ

 08/14/2021 - 21:13
 
নিউজ ডেস্কঃ মহানগৰীৰ বশিষ্ঠত জব্দ দুখনকৈ চোৰাং চাউল ভৰ্তি ট্ৰাক। বৰপেটাৰ কাহিবাৰীৰ পৰা শ্বিলং অভিমুখে গৈ থকাৰ পথত জব্দ বাহন দুখন। বেহাৰবাৰীত বশিষ্ঠ আৰক্ষীয়ে জব্দ কৰে বাহন দুখন। বাহন দুখনৰ নম্বৰ ক্ৰমে AS01-NC-2031 আৰু NL-02-L-3417 প্ৰতিখন বাহনত ২৫ টনকৈ চাউল আছে বুলি জানিব পৰা গৈছে। চাউলখিনি বৰপেটাৰ টিকেন দাসৰ বুলি সদৰী কৰিছে আৰক্ষীৰ হাতত আটক হোৱা গাড়ীৰ কৰ্মচাৰী গৰাকীয়ে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।