টীয়কত কেন্দ্ৰীয়ভাৱে ৭৫ তম স্বাধীনতা দিৱস উদযাপন

 08/15/2021 - 11:21
 
 
 টীয়কঃ সমগ্ৰ দেশতে আজি ৭৫ তম স্বাধীনতা দিৱস ক’ভিড প’টকল মানি উদযাপন কৰাৰ মাজতে টীয়কটো কেন্দ্ৰীয়ভাৱে স্বাধীনতা দিৱস উদযাপন কৰা হয়৷ টীয়ক ৰাজ্যিক পৰিবহন নিগমৰ কাৰ্যালয়ৰ বাকৰিত উদযাপন কৰা এই অনুষ্ঠানত টীয়ক ৰাজহ চক্ৰ বিষয়া সৌভিক ভূঞাই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে৷
 
অনুষ্ঠানত তিনিজন ক’ভিড যুদ্ধাক ৰাজহুৱাভাৱে সম্বৰ্ধনা জনোৱাৰ লগতে ৰাষ্ট্ৰীয়ভাৱে অসমক প্ৰতিনিধিত্ব কৰা এথেলেটিক জেচমিতা মিলিক সম্বৰ্ধনা জনোৱা হয়৷ অনুষ্ঠানৰ অংশ হিচাপে টীয়ক FRU ৰ ৰোগীসকলৰ মাজত ফল-মূল বিতৰণ কৰা হয়৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।