জামুগুৰিহাটৰ বালিজুৰি দেলাইশ্ৰী অঞ্চলত প্ৰকাণ্ড অজগৰ সাপ উদ্ধাৰ

 08/15/2021 - 14:24
 
 
 
জামুগুৰিহাটঃ জামুগুৰিহাটৰ বালিজুৰি দেলাইশ্ৰী অঞ্চলত এঘৰ লোকৰ বাসগৃহৰ জংঘলত স্থানীয়লোকে আজি পুৱা এডাল প্ৰকাণ্ড অজগৰ সাপ প্ৰত্যক্ষ কৰে৷ পাচত স্থানীয় ৰাইজে কৌশলেৰে সাপটো উদ্ধাৰ কৰি দিপলোঙা বনাঞ্চলিক কাৰ্য্যালয়ক খৱৰ দিয়ে৷ ৰাইজৰ খৱৰ ভিত্তিত বনবিভাৰ উপ বন সঞ্চালক শ্ব্যামন্ত কুমাৰ হালৈৰ নেতৃত্বত যোৱা এটি দল দেলাইশ্ৰীত উপস্থিত হয় আৰু উক্ত প্ৰকাণ্ড অজগৰ সাপডাল উদ্ধাৰ কৰি ডিপলোঙা আঞ্চলিক বন বিষয়াৰ কাৰ্য্যালয়ৰ বনকৰ্মীসকলৰ সহযোগত নি নামেৰী ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰি দিয়াৰ ব্যৱস্থা কৰে। প্ৰকাণ্ড অজগৰ সাপডাল প্ৰায় ১৫ ফুট দৈৰ্ঘ্যৰ বুলি জানিবলৈ দিয়ে বন বিষয়া গৰাকীয়ে৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।