মোদী চৰকাৰৰ ২লাখ টকাৰ মৃত্যুৰ বীমা আঁচনি

 05/30/2019 - 15:44

 ডিজিটেল ডেক্স: এটকাত লাভ কৰক ২ লাখ টকাৰ মৃত্যুৰ বীমা আচনি। সাধাৰণ মানুহৰ প্ৰতি লক্ষ্য ৰাখি মোদী চৰকাৰে জীৱন বীমা আৰম্ভণি কৰিছিল। দৰিদ্ৰ মানুহৰ কাৰণে বীমা ক্ৰয় কৰাটো অসুবিধাজনক।এই কথাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা আচনিৰ অধীনত মাহে মাত্ৰ এটকা প্ৰদান কৰি ২লাখ টকাৰ মৃত্যু বীমা লাভ কৰিব এজন মানুহে।

অৰ্থাৎ বছৰত মাত্ৰ ১২ টকা খৰছ কৰি ২লাখ টকাৰ মৃত্যু বীমা লাভ কৰিব পাৰে। অনলাইন অথবা বেংকলৈ গৈ আপুনি প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনাৰ প-প্ৰত্ৰ পূৰণ কৰিব পাৰে।প্লাব্লিক ছেক্টৰৰ লগতে প্ৰাইভেট বেংকেও নিজৰ ৱেবছাইটত ইয়াৰ সকলো তথ্য প্ৰদান কৰিছে।১৮ বছৰৰ পৰা ৭০ বছৰৰ ব্যক্তিয়ে গ্ৰহন কৰিব পাৰে বীমা।

অৰ্থাৎ যদি আপুনি এই বীমা ১৮ বছৰ বয়সত ক্ৰয় কৰে আপোনাৰ ৭০ বছৰ বয়সলৈ আপুনি মাত্ৰ ৬২৪ টকা আদায় কৰিব লাগিব।কিন্তু এই নগদ ধনৰ বিনিময়ত আপুনি ২ লাখ টকাৰ বীমা লাভ কৰিব।আপোনাৰ পৰিয়ালে এই টকা আপোনাৰ মৃত্যুৰ পিছত লাভ কৰিব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।