ধিং FRU ত জন্ম প্ৰমাণ পত্ৰৰ নামত ৰাইজক হাৰাশাস্তিঃ ভুক্তভোগীৰ উত্তাল প্ৰতিবাদ

 08/16/2021 - 17:37
 
 
 
বটদ্ৰৱঃ নগাঁও জিলাৰ ধিং FRU ত জন্ম প্ৰমাণপত্ৰক কেন্দ্ৰ কৰি আজি এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ভুক্তভোগী ৰাইজে। ৰাইজৰ অভিযোগ অনুসৰি সন্তানৰ জন্ম প্ৰমাণপত্ৰৰ নামত দীৰ্ঘদিনে হাৰাশাস্তি কৰি আহিছে ধিং FRU ত থকা জন্ম মৃত্যুৰ পঞ্জীয়কৰ কাৰ্যালয়ৰ কৰ্মচাৰীয়ে। দিনৰ পাছত দিন মাহৰ পাছত মাহ তাতবাতি কৰি অহাৰ পাছতো বহু অভিভাৱকে আজিকোপতি লাভ কৰিব পৰা নাই সন্তানৰ প্ৰমাণপত্ৰ।
 
বিচাৰি আহিলে বিভাগীয় কৰ্তৃপক্ষই দুব্যৱহাৰ কৰাৰো অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী ৰাইজে। অকল ইমানেই নহয় জন্মৰ প্ৰমাণপত্ৰৰ নামত ধন লোৱাৰো গুৰুতৰ অভিযোগ কৰিছে প্ৰতিবাদী ৰাইজে। প্ৰতিবাদীসকলে স্বাস্থ্যমন্ত্ৰী হায় হায়, স্বাস্থ্য বিভাগ মুৰ্দাবাদ, ধিং FRU হায় হায় আলি শ্ল’গানেৰে উত্তাল কৰে ধিং FRU ৰ চৌহদ।
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।