টীয়কৰ লাহদৈগড় আৰক্ষী চকীত অঘটনঃ শুই থকা অৱস্থাতে এজন আৰক্ষী কণিষ্ঠবলৰ মৃত্যু

 08/17/2021 - 13:47
 
 
টীয়কঃ যোৰহাট জিলাৰ টীয়ক আৰক্ষী থানাৰ অধিনৰ লাহদৈগড় আৰক্ষী চকীত অঘটন। যোৱা নিশা থানা চৌহদৰ নিজ বেৰেকট শুই থকা অৱস্থাতে আৰক্ষী চকীখনৰ কণিষ্ঠবল গনেশ সন্দিকৈ মৃতদেহ ৰাতিপুৱা উদ্ধাৰ হয়৷ এতিয়ালৈ মৃতু্ৰ কাৰণ জানিব পৰা হোৱা নাই যদিও সমগ্ৰ ঘটনাটোৱে এক চাঞ্চল্য সৃষ্টি কৰিছে৷ জানিব পৰা মতে মৃত সন্দিকৈৰ ঘৰ শিৱসাগৰ জিলাৰ পালেঙী কছাৰি পথাৰৰ৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।