জামুগুৰিহাটৰ সমীপৰ ইটাখোলা পশু চিকিৎসাকেন্দ্ৰৰ ভূমি বেদখলৰ অভিযোগ স্থানীয় ৰাইজৰ

 08/19/2021 - 12:44
 
 
 
 
জামুগুৰিহাটঃ জামুগুৰিহাটৰ সমীপৰ ইটাখোলা পশু চিকিৎসা কেন্দ্ৰৰ ভূমি বেদখলৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে৷ অভিযোগ অনুসৰি পশু চিকিৎসা কেন্দ্ৰটোৰ সন্মুখৰ ভূমি দখল কৰি একাংশ লোকে ব্যৱসায় প্ৰতিষ্ঠানৰ গৃহ নিৰ্মাণ কৰি ৰমৰমীয়া ব্যৱসায় আৰম্ভ কৰিছে৷ পশু চিকিৎসা কেন্দ্ৰটোৰ কোঠা, বাৰাণ্ডাৰ লগতে সমগ্ৰ চৌহদ একাংশ ৰাইজে ব্যক্তিগত সম্পত্তিৰ লেখীয়াকৈ ব্যৱহাৰৰ অভিযোগ উঠিছে৷ পশু চিকিৎসা কেন্দ্ৰটোৰ এই অৰাজক অৱস্থা সন্ধৰ্ভত স্থানীয় সচেতন ৰাইজ ক্ষোভিত হৈ পৰাৰ লগতে চিকিৎসা কেন্দ্ৰটোৰ ভূমি বেদখল মুক্ত কৰাৰ বাবে স্থানীয় পঞ্চায়ত প্ৰতিনিধি আৰু প্ৰশাসনক দাৱী জনাইছে৷
 
ইয়াৰোপৰি প্ৰয়োজনীয় চিকিৎসক, চিকিৎসাকৰ্মী, ঔষধ আদি যোগান ধৰি চিকিৎসাকেন্দ্ৰটি আধুনিকীকৰন কৰি তোলাৰ বাবে চৰকাৰক দাৱী জনাইছে সচেতন মহলে৷ ৮০ ৰ দশকতে অঞ্চলটোৰ কৃষক ৰাইজৰ স্বাৰ্থত নিৰ্মাণ কৰা পশু চিকিৎসাকেন্দ্ৰটি আধুনিকীকৰণ কৰিলে অঞ্চলটোৰ পশুপালকসকলৰ লগতে কৃষক ৰাইজ উপকৃত হব বুলিও মন্তৱ্য কৰে সচেতন ৰাইজে৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।