নিজৰ জীৱন, সা-সম্পত্তিৰ নিৰাপত্তাহীনতাক লৈ চৰম উদ্বিগ্ন ধিঙৰ এখন গাঁও, নিৰাপত্তা প্ৰদানত ব্যৰ্থ ধিং আৰক্ষী

 08/19/2021 - 18:09
 
 
 
বটদ্ৰৱাঃ নগাঁও জিলাৰ ধিং পৌৰসভাৰ অন্তৰ্গত এইখন গাঁও। গাঁওখনৰ নাম হৈছে আঠ গাঁও। এই গাঁওখনত আজি দুমাহ ধৰি চোৰে চলাই গৈছে তাণ্ডৱ। দুই এদিনৰ পাছে পাছে চোৰে লুটপাত চলাইছে এঘৰৰ পাছত আনঘৰত।
 
দিন দুপৰতে লুটি নিছে ঘৰৰ আ অলংকাৰ, টকা পইচাকে ধৰি ঘৰৰ মূল্যবান সা-সামগ্ৰী। ধাৰাবাহিকভাৱে গাঁওখনত দিন দুপৰতে সংঘটিত হোৱা এই চুৰিকাণ্ডৰ বিষয়ে প্ৰতিঘৰ ভুক্তভোগীয়ে স্থানীয় ধিং আৰক্ষীক অৱগত কৰিছে যদিও শূন্যতে গদা ঘুৰোৱা ধিং আৰক্ষীয়ে আজিকোপতি এজনো অপৰাধীক কৰায়ত্ব কৰিবলৈ সক্ষম নহল। যাৰ ফলত ভীতিগ্ৰস্থ গাঁওবাসীয়ে ৰাতিটো দুৰৰে কথা দিনতো ঘৰ এৰি ওলাব নোৱাৰা অৱস্থা হৈ পৰিছে।
 
আৰক্ষীক এজাহাৰ দিও কোনো সুফল নোপোৱাত গাঁওবাসীয়ে এতিয়া ভুগিছে চৰম নিৰাপত্তাহীনতাত। এতিয়া প্ৰশ্ন উঠিছে এটা দুটা চুৰি ঘটনা নহয়, দিন দুপৰতে কেইবাটাও ঘটনা সংঘটিত হোৱাৰ পাছতো কিয় আৰক্ষী প্ৰশাসন চূড়ান্তভাৱে ব্যৰ্থ হৈছে অপৰাধীক কৰায়ত্ব কৰাত। সেয়া এক ৰহস্যজনক বিষয় হৈ পৰিছে।
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।