হোজাইৰ নতুন বজাৰৰ পৰা চাৰিটাকৈ মবাইল, নগদ ধন আৰু কিছু সামগ্ৰীসহ চাৰিজন জুৱাৰীক আটক হোজাই আৰক্ষীৰ

 08/20/2021 - 13:17
 
 
 
হোজাইঃ হোজাই আৰক্ষীৰ জোৱাৰ বিৰুদ্ধে অভিযান। কালি সন্ধিয়া হোজাই আৰক্ষীয়ে অভিযান চলাই হোজাইৰ নতুন বজাৰৰ পৰা চাৰিজন জুৱাৰীসহ জব্দ কৰে চাৰিটাকৈ মৱাইল, নগদ ধন ৫০০০ টকা আৰু জুৱাৰ কিছু সামগ্ৰী। আটকাধীন কেইজনৰ নাম ক্ৰমে অজয় চক্ৰৱৰ্তী(৩০),তাপছ কৰ্মকাৰ(৩২), হিৰালাল গুপ্তা(৩০) মাধৱ দাস(৬১)। বৰ্তমান চাৰিওকে হোজাই আৰক্ষী থানাত ৰাখি আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে যদিও পৰবৰ্তী আৰক্ষীৰ অনুসন্ধানতহে পোহৰলৈ আহিব এই অবৈধ ব্যৱসায়ৰ লগত কোন কোন জড়িত।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।