চাঞ্চল্যঃ বাক্সাত কিশোৰীক ধৰ্ষণ কৰি আৰক্ষীৰ জালত লম্পদ ফৰাজুল আলী

 08/22/2021 - 14:18
 
 
 
শালবাৰীঃ ৰাজ্যত পুনৰ সংঘটিত হ'ল কিশোৰী ধৰ্ষণৰ ঘটনা। বাক্সাৰ খাৰিজা বিজনী মৌজাৰ উন্নেকুৰী গাঁৱৰ ১৫ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰিলে সৰভোগ আৰক্ষী চকীৰ অন্তৰ্গত পোৰাগাঁৱৰ ফৰাজুল আলী নামৰ লম্পদ এজনে। নিজ বাসগৃহৰ ওচৰৰে উন্নেকুৰী ঘাটত এৰাল দিয়া ছাগলী আনিবলৈ যোৱা কিশোৰী গৰাকীক লম্পদ ফৰাজুলে ফুচুলাই অপহৰণ কৰি নিয়ে।তাৰ পিছতে উপৰ্যুপৰি ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন কৰে ভুক্তভোগী কিশোৰীগৰাকীয়ে।
 
ইয়াৰ পিছতে কিশোৰীগৰাকীৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত IPC 164/21 ধাৰাত লম্পদ ফৰাজুল আলীক স্থানীয় লাৱদাংগুৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে। এই ক্ষেত্ৰত ধৰ্ষণকাৰীক ফাঁচি দিবলৈ দাবী উত্থাপন কৰিছে হিন্দু জাগৰণ মঞ্চ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ বাক্সা জিলা সমিতিৰ বিষয়ববীয়াই।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।