খাৰুপেটীয়াত ইউৰীয়া সাৰৰ নামত‌ কৃষকক মাধমাৰ

 08/22/2021 - 17:50
 
 
 
 
খাৰুপেটীয়াঃ খাৰুপেটীয়াৰ কৃষকক মাধমাৰ শুধাইছে একাংশ সাৰ‌ বীজৰ ব্যবসায়ীয়ে। কাল ক’ৰণাই সৰ্বস্বান্ত কৰা কৃষকক‌ এইবাৰ ইউৰীয়া সাৰৰ নামত‌ মাধমাৰ শুধাইছে একাংশ সাৰৰ‌ ব্যবসায়ীয়ে। সততে লোকচানৰ সন্মুখীন হোৱা কৃষকে এইবাৰ অধিক দামত ক্ৰয় কৰিবলগীয়া হৈছে ইউৰীয়া সাৰ।
 
যি সময়ত চৰকাৰে কৃষকৰ কল্যাণৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰাৰ সমান্তৰালকৈ নিৰ্ধাৰিত মূল্যত ইউৰীয়া সাৰ বিক্ৰীৰ নিৰ্দেশ জাৰি কৰিছে ঠিক তেনে সময়তে একাংশ সাৰ বিক্ৰেতাই পৰিবহণ-শ্ৰমিক খৰচকে আদি কৰি নানা অজুহাত দেখুৱাই নিৰ্ধাৰিত মূল্যতকৈ (MRP) অধিক মূল্যত ইউৰীয়া সাৰ বিক্ৰী কৰাৰ অভিযোগ তুলিছে কৃষকে।
 
অভিযোগ মতে চৰকাৰে প্ৰতি বেগ ইউৰীয়া সাৰৰ মূল্য (এম আৰ পি‌) নিৰ্ধাৰণ কৰিছে ২৬৬.৫০ টকা। ইয়াৰ বিপৰীতে একাংশ অসাধু ব্যবসায়ীয়ে শালি ধানৰ বতৰৰ সুযোগ গ্ৰহণ কৰি অধিক মুনাফাৰ লোভত পৰিবহন-শ্ৰমিকৰ খচৰ আৰু ইউৰীয়াৰ লগত জিংক, দানা আদি বাধ্যতামূলক কৰি সহজ-সৰল ‌কৃষকৰ পৰা ২৬৬.৫০ টকীয়া ইউৰীয়া সাৰ পাঁচশ পৰা ছয়শ টকালৈ বিক্ৰী কৰাৰ অভিযোগ বহু কৃষকৰ।
 
যাৰ বাবে ইউৰীয়া ক্ৰয় কৰাটো অসম্ভব হৈ পৰিছে কৃষকৰ বাবে উপায়ন্তৰ হৈ বিকল্প সাৰ প্ৰয়োগ কৰিবলৈ বাধ্য হৈয়ে কৃষকসকল। ইফালে খাৰুপেটীয়াত ইউৰিয়াৰ নাটনিয়ে দেখা দিয়াত খাৰুপেটীয়াৰ আৰিমাৰী গাঁৱৰ কৃষকে ইউৰীয়া বিচাৰি খেতি পথাৰতে দিলে শ্ল’গান।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।