ৰঙিয়াৰ মাহতলীত বিধায়ক ভৱেশ কলিতাৰ বিৰুদ্ধে প্ৰতিবাদ, এটি পথৰ দুবাৰকৈ আধাৰশিলা কৰাৰ পাছতো নিৰ্মাণ নহ'ল পথ

 08/22/2021 - 19:11
 
 
 
 
ৰঙিয়াঃ ৰঙিয়া মাহতলীৰ এটা পথ ৰঙিয়া সমষ্টিৰ বিধায়ক তথা বৰ্তমানৰ ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই দুবাৰকৈ আধাৰশিলা কৰিও এই পথ নিৰ্মাণ নকৰাত বিধায়ক কলিতাৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ। দেওবাৰে অঞ্চলটোৰ ৰাইজে পথলৈ ওলাই আহি বিধায়ক ভৱেশ কলিতাৰ বিৰুদ্ধে নানা ধৰণে শ্ল’গান দি পথ নিৰ্মাণৰ বাবে দাবী জনায়।
 
স্থানীয় ৰাইজে অভিযোগ কৰামতে ৰঙিয়াৰ মাহতলীত নিৰ্মাণ কৰা আই, টি, আই, লৈ সংযোগী পথ এটা নিৰ্মাণৰ প্ৰতিশ্ৰুতি প্ৰদানকৰি ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতাই দুবাৰকৈ আধাৰশিলা কৰিছিল। পথটো আধাৰশিলা হোৱাৰ পিছত স্থানীয় ৰাইজে পথটো নিৰ্মাণৰ স্বাৰ্থতে ঘৰ সমূহৰ নিচেই কাষেৰে ঠিকাদাৰক বিদ্যুতৰ ১১ হেজাৰ ভল্ট পৰিবাহী তাঁৰ নিবলৈও অনুমতি প্ৰদান কৰিছিল। ইপিনে গাঁৱৰ মানুহে আই,টি,আই খনৰ নিৰ্মাণৰ সময়তো ১০ বিঘা মাটি দান দিছিল।
 
কিন্তু এটা ৰাজনৈতিক চক্ৰৰ কূ-চক্ৰান্তত ঠিকাদাৰে সেই স্থানেৰে পথটো নিৰ্মাণ নকৰি আন এটা ঠাইৰে নিৰ্মাণ আৰম্ভ কৰে। আধাৰশিলা কৰা ঠাইৰে পথ নিৰ্মাণ নকৰি অন্য ঠাইৰে এনেদৰে পথ নিৰ্মাণ কৰিবলৈ লোৱাত প্ৰতিবাদ মুখৰ হৈ পৰে অঞ্চলটোৰ ৰাইজ। ৰবিবাৰে প্ৰতিবাদী পুৰুষ-মহিলাই ভৱেশ কলিতাৰ বিৰুদ্ধে নানা ধৰণে শ্ল’গান দি প্ৰতিবাদ সাব্যস্ত কৰাত বিষয়টোক লৈ চৰ্চাৰ কাৰণ হৈ পৰিছে। খোদ ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকীৰ গৃহ সমষ্টিত এনেদৰে সভাপতিৰ গৰাকীৰ বিৰুদ্ধে তথা অসম চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ হোৱা বিষয়টোৱে বিশেষ তাপৰ্য্য বহন কৰিছে। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।