উত্তৰকুছিত উদিয়মান যুৱক প্ৰয়াত অখিল কলিতাৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু স্মৃতিচাৰণ সভা

 08/22/2021 - 19:37
 
 
 
 
নলবাৰীঃ নলবাৰী জিলাৰ বৰভাগৰ উত্তৰকুছিত উদিয়মান যুৱক প্ৰয়াত অখিল কলিতাৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰা হয়। বিশিষ্ট ব্যৱসায়ী তথা সমাজ প্ৰেমী প্ৰয়াত অখিল কলিতা বহুদিনৰ পৰা জণ্ডিছ আৰু লিভাৰ বেমাৰত আক্ৰান্ত হৈ যোৱা ৮ আগষ্টত মৃত্যু হয়। উত্তৰকুছি অঞ্চলৰ সকলো অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত যুৱকজনৰ মৃত্যুত পৰিয়ালৰ লগতে অঞ্চলবাসী ৰাইজৰ মাজত শোকাকুল পৰিৱেশৰ সৃষ্টি হয়। আজি উত্তৰকুছিৰ উদিয়মান যুৱক সকলে অখিল কলিতাৰ স্মৃতিত বিভিন্ন ধৰ্মীয় কাৰ্যসূচীৰে শ্ৰদ্ধাঞ্জলি প্ৰদান কৰাৰ লগতে স্মৃতি ৰোমণ্ঠন কৰে। মৃত্যুৰ সময়ত তেওঁ পিতৃ,মাতৃ, পত্নীৰ লগতে দুই সন্তান আৰু দুজন ডাঙৰ ভাতৃ আৰু বহু আত্মীয় স্বজনক এৰি থৈ যায়।
 
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।