বটদ্ৰৱা থানৰ ঐতিহাসিক সতী ৰাধিকা স্মৃতি ক্ষেত্ৰৰ নৱনিৰ্মিত তোৰণ উন্মোচন

 08/23/2021 - 13:30
 
 
 
বটদ্ৰৱাঃ অসমীয়া জাতিৰ জনক জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ জন্মস্থান বটদ্ৰৱা থানৰ ঐতিহাসিক সতীৰাধিকা স্মৃতিক্ষেত্ৰত বৈষ্ণৱ পণ্ডিত শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰাপক আচাৰ্য্য ইলাৰাম দাসৰ পবিত্ৰ স্মৃতিত নিৰ্মাণ কৰা নৱনিৰ্মিত তোৰণ দেওবাৰে উন্মোচন কৰা হয়। বৈষ্ণৱ পণ্ডিত আচাৰ্য্য ইলাৰাম দাসৰ পৰিয়াল বৰ্গৰ হৈ অসম চৰকাৰৰ বিত্ত সচিব, আই এ এচ বিষয়া দিলীপ কুমাৰ বৰা, কটন বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ড০ স্বপ্নালী দাস বৰাই তোৰনটি আগবঢ়াই।
 
সত্ৰ কৃষ্টিৰ মাংগলিক পৰম্পৰাৰ আধাৰত তোৰনখনি শুভ উন্মোচন কৰে বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি তথা নৰোৱা সত্রৰ সত্রাধিকাৰ দেবানন্দ দেৱ গোস্বামী আৰু বটদ্ৰৱা থান পৰিচালনা সমিতিৰ উপসভাপতি তথা শলগুৰি সত্ৰৰ সত্ৰাধিকাৰ যোগেন্দ্ৰ নাৰায়ণ দেৱমহনন্তই। ভাস্কৰ্য্য কলাৰে খচিত তোৰন খনি কাৰুকায্যৰে পৰিপূৰ্ণ কৰি তোলে ভাস্কয্য শিল্পী বিনোদ বৰাই। বটদ্ৰৱা থান পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি ভোগেশ্বৰ বৰা, সাধাৰণ সম্পাদক ইন্দ্ৰ মোহন বৰুৱা, ইলাৰাম দাসৰ পুত্ৰ বিষ্ণু প্ৰসাদ দাস, জ্যোতি প্ৰসাদ দাসকে প্ৰমুখ্য কৰি বটদ্ৰৱা থানৰ ভকত বৈষ্ণৱৰ উপস্থিতিত তোৰন উন্মোচন কৰা হয়।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।