কমলপুৰত সদৌ অসম গাঁওৰক্ষী বাহিনীৰ জন্মদাতা স্বৰ্গীয় হৰিনাৰায়ণ বৰুৱাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

 08/24/2021 - 16:09
 
 
বাইহাটা চাৰিআলিঃ কমলপুৰত সদৌ অসম গাঁওৰক্ষী বাহিনীৰ জন্মদাতা হৰিনাৰায়ণ বৰুৱাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। কামৰূপ জিলা গাঁওৰক্ষী বাহিনীৰ উদ্যোগত অনুষ্ঠিত এই অনুষ্ঠানত উপস্থিত কামৰূপ জিলা আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰয়, অতিৰিক্ত আৰক্ষী অধীক্ষক আছিফ আহমেদৰ লগতে কমলপুৰৰ বিধায়ক দিগন্ত কলিতা।
 
এই অনুষ্ঠানত উপস্থিত হৈ বিধায়কগৰাকীয়ে কমলপুৰৰ গাঁওৰক্ষী বাহিনীক তিনি লাখ টকা এটি কাৰ্যালয় নিৰ্মাণৰ বাবে অনুদান হিচাপে দিব বুলি ঘোষণা কৰে। তাৰোপৰি তেওঁ আজি কমলপুৰ আৰক্ষী থানাত এটি মৰ্গ কোঠা উদ্ধোধন কৰি অতিশীঘ্ৰে কমলপুৰত মৰণোত্তৰ পৰীক্ষা কেন্দ্ৰ স্থাপন কৰাৰ লগতে এখন অত্যাধুনিক শ্মশান স্থাপন কৰিব বুলি ঘোষণা কৰে।
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।