যোৱা চাৰিটা বছৰে নিৰ্মাণ সম্পূৰ্ণ নহ’ল বাৰাপেটা মিলনবজাৰ-বৰপেটাৰোড সংযোগী পথৰ পকী দলং, বিপদজনক যাত্ৰা ৰাইজৰ

 08/25/2021 - 13:14
 
 
 
 
শালবাৰীঃ বাক্সাৰ বাৰাপেটা মিলন বজাৰৰ সমীপৰ ওলোটাই খুন্দা উপনৈত বিপদসংকুল যাত্ৰা ৰাইজৰ। দলঙৰ অভাৱত লোৰ পাটিৰ ওপৰেৰে বিপদজনকভাৱে পাৰ হৈছে দুচকীয়া বাহন। যোৱা পাঁচটা বছৰে নিৰ্মাণ সম্পূৰ্ণ হৈ উঠা নাই বাৰাপেটা মিলনবজাৰ-বৰপেটাৰোড সংযোগী পথৰ দলংখন। দলংখন নিৰ্মীয়মান হৈ থকা বাবে কাষতে এখন বাঁহৰ সাঁকো নিৰ্মাণ কৰা হৈছিল যদিও বৰ্তমান জৰাজীৰ্ণ হৈ পৰিছে সাঁকোখন।
 
যাৰ বাবে বৃহত্তৰ অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰী, ৰোগী, ব্যৱসায়ী আদিয়ে বিপদজনকভাৱে পাৰ হ'বলগীয়াত পৰিছে নৈখন। ইফালে উপনৈখনত পানী বৃদ্ধিৰ লগে লগেই ব্যস্ত পথটোত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে চাৰিচকীয়া বাহনৰ চলাচল। শীঘ্ৰেই দলঙখনৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে স্থানীয়লোকে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।