মাজুলীত উপস্থিত মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

 08/25/2021 - 19:00
 
 
মাজুলীঃ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা মাজুলীৰ বিধায়ক সৰ্বানন্দ সোণোৱালে কেন্দ্ৰীয় মন্ত্ৰীত্ব লাভ কৰাৰ পাছত আজি প্ৰথমবাৰৰ বাবে মাজুলীলৈ আহে। কেন্দ্ৰীয় মন্ত্ৰী গৰাকী মাজুলীত আহি উপস্থিত হোৱাৰ পাছতে বিজেপি দল আৰু গতশক্ত আৰু অসম গণপৰিষদ দলৰ কৰ্মীসকলে কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালক বিপুল সম্বৰ্ধনা জনোৱা হয়।
 
সোণোৱালৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ অহা মাজুলীৰ বিভিন্ন প্ৰান্তৰ জনতাই ব্যাপক ভাল কৰাৰ লগতে সম্প্ৰতি ভয়াৱহ ৰূপত ক'ৰনা মহামাৰীয়ে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সময়ত কোনো ধৰণৰ ভয় শংকা নকৰি হিলদল ভাঙি কেন্দ্ৰীয় মন্ত্ৰীক চাবলৈ অহা ঘটনাই ক'ভিড প্ৰটকলৰ সকলো নীতি ভংগ কৰা পৰিলক্ষিত হয়। আদৰণি সভাত গোট খোৱা সহস্ৰাধিক লোকৰ গৰিষ্ঠ সংখ্যকেই মাস্ক পৰিধান নকৰাটো অত্যন্ত স্পৰ্শকাতৰ বিষয় হৈ পৰিছে।
 
আনহাতে মাজুলী বিধান সভা সমষ্টিৰ পৰা দুবাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈ কেন্দ্ৰীয় মন্ত্ৰী সভালৈ যোৱা সোণোৱালৰ সমষ্টিত উপনিৰ্বাচন হোৱাটো খাতাং হৈ পৰাত উপ নিৰ্বাচনৰ প্ৰাক মূহুৰ্তত মাজুলীলৈ সোণোৱালৰ আগমনৰ কথাই বিশেষ চৰ্চা লাভ কৰিছে। সভাত প্ৰাক্তন মন্ত্ৰী তথা ঢকুৱাখনা সমষ্টিৰ বিধায়ক নৱ দলে, লখিমপুৰ লোক সভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাৰ লগতে বিভিন্ন নেতা-কৰ্মীয়ে অংশ লয়।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।