সঘনে মিথ্য়াচাৰৰ আশ্ৰয় লোৱা পাকিস্তানৰ প্ৰতি খৰ্গহস্ত অৰুণ জেটলি

 03/11/2019 - 18:38

নতুন দিল্লীঃ ভাৰতে পাকিস্তান সন্ত্রাসবাদী ঘাটিত আক্রমণ চলােৱাৰ পিচত পাকিস্তানৰ পাৰমাণবিক মিথ্যাচাৰৰ উন্মােচিত হ'ল।

এই দাবী কৰিছে দেশৰ কেন্দ্রীয় বিত্ত মন্ত্রী অৰুণ জেটলিয়ে। বাৰম্বাৰ ভাৰতৰ লগত প্রচলিত প্রথাগত যুদ্ধত পৰাস্ত হােৱাৰ পিচত পাকিস্তানে সন্ত্রাসবাদীৰ সহযােগত ভাৰতৰ বিৰুদ্ধে ছায়াযুদ্ধ চলাইছে আৰু পাৰমাণবিক অস্ত্র প্রয়ােগৰ ভুৱা ভাবুকি দিয়ে।

জেটলিয়ে কয় যে ১৯৬৫, ১৯৭১, কার্গিল যুদ্ধ আদিকে ধৰি বহুকেইবাৰ ভাৰতৰ লগত পৰাস্ত হােৱাৰ পিচত পাকিস্তানে সন্ত্রাসবাদীক লগত লৈ ছায়াযুদ্ধ চলােৱাৰ আৰু পাৰমাণৱিক আক্ৰমণৰ ভুৱা ভাবুকি পথ লৈছিল।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।