বিশ্বনাথ ঘাটৰ ছোৱাগুৰীৰ চুইচগেট ১নং মথাউৰিত বন গাহৰিৰ আতংক

 08/28/2021 - 17:49
 
 
বিশ্বনাথঃ বিশ্বনাথ ঘাটৰ ছোৱাগুৰীৰ চুইচগেট ১নং মথাউৰিত বন গাহৰিৰ আতংক। দিনৰ দুপৰীয়া ভাগত ব্ৰহ্মপুত্ৰ নদীয়েদি পাৰ হৈ প্ৰৱেশ কৰে জনাঞ্চলত। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা গাহৰিটোৱে বানপানীত উটি আহি বিশ্বনাথ ঘাটৰ ছোৱাগুৰিৰ মথাউৰিত প্ৰৱেশ কৰে।
 
তাৰ পিছত লাগে হুৱা-দুৱা। কথমপি প্ৰাণ ৰক্ষা পৰে ছাহজাহান আলি নামৰ এজন যুৱকৰ। সমান্তৰালকৈ কৰিফুল নেছা নামৰ এগৰাকী মহিলা সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত হয়। বৰ্তমান বন বিভাগৰ দল উপস্থিত হৈ জনসাধাৰণক নিয়ন্ত্ৰণ কৰাৰ বাবে তহল দি আছে।
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।