নগৰবেৰাত বন বিভাগৰ বৃহৎ সাফল্যঃ বিক্ৰী কৰিবলৈ নিয়া কেইবাখনো নাও জব্দ

 08/31/2021 - 12:40
 
 
 
নগৰবেৰাঃ আজি নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক কাৰ্যালয়ৰ পৰা যোৱা এটা পহৰাদাৰী দলে নদীৰ বুকুৱেদি এখন ডাঙৰ নাৱেৰে বিক্ৰীৰ বাবে নি থকা মুঠ দহ খনকৈ সৰু নাও জব্দ কৰিবলৈ সক্ষম হয়। মেচিন নাও এখনত তুলি প্ৰতিবেশী পূৱ গোৱালপাৰাৰ নৱাগত শিমলীতোলা অঞ্চলৰ পৰা মঙলদৈৰ ছিপাঝাৰ অভিমুখে নদীৰ মাজেৰে কঢ়িয়াই নিয়া অৱস্থাত জব্দ কৰা হয় এই নাওসমূহ।
 
জব্দ কৰা নাওসমূহৰ আনুমানিক বজাৰ মূল্য প্ৰায় সাত লক্ষাধিক হ’ব বুলি জানিব পৰা গৈছে। অবৈধভাবে সৰবৰাহ কৰা নাও ব্যৱসায়ী এজনকো নাপালে যদিও মেচিন নাওৰ নাৱৰীয়াক আটক কৰিবলৈ সক্ষম হয় পহৰাদাৰী দলটিয়ে। নাওসমূহ সম্প্ৰতি নগৰবেৰাস্থ নদী সংৰক্ষিত বনাঞ্চলিক কাৰ্যালয়ত ৰখাৰ দিহা কৰা হৈছে। 
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।