নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পাঁচবছৰৰ পিছতো মুকলি নহ'ল সৰুক্ষেত্ৰী সমষ্টিৰ কুকাৰপাৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ

 08/31/2021 - 13:08
 
 
 
দৌলাসালঃ স্বাস্থ্য বিভাগৰ চুড়ান্ত অবহেলাৰ বাবেই নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পাঁচ বছৰৰ পিছতো সৰুক্ষেত্ৰী সমষ্টিৰ কুকাৰপাৰত আজিও মুকলি নহ'ল প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ। প্ৰায় এক কোটি টকা ব্যয় সাপেক্ষে নিৰ্মিত এই চিকিৎসালয়খনত আছে চিকিৎসা সম্বন্ধীয় সকলোবোৰ ব্যৱস্থা। আছে অত্যাধুনিক যন্ত্ৰপাতি, অপাৰেচন কক্ষ, লেবৰটৰী, বেডকে ধৰি চিকিৎসক-নাৰ্চৰ আৱাসগৃহ। প্ৰায় পাঁচ-ছয় বছৰ পূৰ্বে অতি আটক ধুনীয়াকৈ নিৰ্মিত এই চিকিৎসালয় খনত পিছে আজিলৈকে নাই এজনো চিকিৎসক অথবা নাৰ্ছ। যাৰ ফলত প্ৰায় বিছ-পচিছখন গাঁৱৰ লোক বঞ্চিত হ'বলগা হৈছে চিকিৎসা সেৱাৰ পৰা। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।