এজন ভণ্ড চিকিৎসকে টীয়কৰ এগৰাকী জ্যেষ্ঠ সাংবাদিকক ছালফাৰ দ্বাৰা মৃত্যুৰ ভাবুকি দিয়াক লৈ তীব্ৰ প্ৰতিক্ৰিয়া, থানাত এজাহাৰ

 08/31/2021 - 15:09
 
 
টীয়কঃ পবিত্ৰ চিকিৎসা বৃত্তিক কলুষিত কৰি এজন চিকিৎসকে নিশা টীয়কৰ এগৰাকী জ্যেষ্ঠ সাংবাদিকক ছালফাৰ দ্বাৰা মৃত্যুৰ ভাবুকি দিয়াক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে যোৰহাটত। ইফালে ভাবুকিৰ সন্মুখীন হোৱা সাংবাদিক গৰাকীয়ে ইতিমধ্যে টীয়ক আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। প্ৰাপ্ত খবৰ অনুসৰি টীয়ক আৰক্ষী থানাৰ অধিনৰ জাঁজী হাঁহচৰা অঞ্চলৰ পৰা অসমৰ এখন আগশাৰী দৈনিক বাতৰি কাকতত সংবাদসেৱা কৰা সাংবাদিক ধ্ৰুৱজ্যোতি ভট্টাচাৰ্যক যোৱা ৩০ আগষ্ট নিশা প্ৰায় ১১.৩০ বজাত চাৰিজনীয়া এটা দুৰ্বিত্তৰ দলে নিজকে ছালফা বুলি পৰিচয় দি সাংবাদিক গৰাকীক আহি নিজ ঘৰতে মৃত্যুৰ ভাবুকি প্ৰদান কৰি যায়। উল্লেখযোগ্য যে ৰাইজৰ অভিয়োগৰ ভিত্তিত চেলেং বেলতল জাঁপিসজিয়াৰ ৰাহুল শংকৰ বৰুৱা নামৰ এগৰাকী চিকিৎসকৰ ডিগ্ৰীৰ বৈধ্যতাৰ সন্দৰ্ভত সাংবাদিক গৰাকীয়ে অনুসন্ধান চলাই আছিল দীৰ্ঘদিন ধৰি পৰা৷
 
ভাবুকি প্ৰদানৰ সময়ত এই দুৰ্বিত্তৰ দলটোৱে ডাক্তৰ ৰাহুল শংকৰ বৰুৱাৰ সন্দৰ্ভত সাংবাদিক গৰাকীক আৰু লাগি নাথাকিবলৈ ভাবুকি প্ৰদান কৰি যায। আৰু চিকিৎসক গৰাকীৰ বিৰুদ্ধে তদন্ত কৰিলে প্ৰাণে মৰাৰ ভাবুকি দিয়ে ফলত সাংবাদিক গৰাকী আৰু ৮৬ বছৰীয়া বৃদ্ধ পিতৃ এতিয়া চৰম নিৰাপত্তাহীনতাত ভুগিছে। মনকৰিবলগীয়া যে হাঁহচৰাৰ চাৰি আলিৰ ৩৭ নং ঘাইপথৰ কাষৰ বৰঠাকুৰ মেডিকেল ষ্টৰৰ পৰাণ কটকী নামৰ যুৱকজনৰ নেতৃত্বত অহা চাৰিজনীয়া যুৱকৰ দলটোৰ দুজনে নিজকে চালফা বুলি পৰিচয় দিয়ে।
 
উল্লেখ্য যে পৰাণ কটকীৰ ঘৰ গৌৰিসাগৰ থানাৰ অধীনৰ জাঁজী জামুগুৰিৰ ব্ৰাহ্মণ গাঁৱত। ইতিমধ্যে সাংবাদিক গৰাকীয়ে স্থানীয় টীয়ক আৰক্ষী থানাত আজি এখন এজাহাৰ দাখিল কৰিছে৷ আৰু আৰক্ষীয়ে প্ৰাৰম্ভিক অনুসন্ধান আৰম্ভ কৰি হাঁহচৰাত থকা মেডিকেল ষ্টৰত অভিযান চলাই যদিও পৰাণ কটকীক আটক কৰিবলৈ সক্ষম হোৱা নাই। এতিয়া প্ৰশ্ন হয় সাংবাদিকক মৃত্যুৰ ভাবুকি প্ৰদান কৰিবলৈ ছালফাই ক'ত সাহস পালে। নিজকে চালফা বুলি পৰিচয় দিয়া যুৱকৰ বিৰুদ্ধে আলোচনাপন্থী আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱা আৰু আত্মসমৰ্পণকাৰী আলফাই স্থিতি স্পষ্ট কৰিবনে? নে আলোচনা আৰু আত্মসমৰ্পণ নামত এনেদৰে একাংশই যাকে তাকে ভাবুকি দিয়াৰ নামত ধন সংগ্ৰহ কৰিব।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।