কাঠৰ চাইকেল নিৰ্মাণ কৰি India Book of Records ত নাম লিপিবদ্ধ কৰিবলৈ সক্ষম পশ্চিম আমনি গাঁৱৰ জিতু উদ্দিন আহমেদ

 09/01/2021 - 17:39
 
 
বাহাৰঘাটঃ কিছুদিন পূৰ্বে নলবাৰী জিলাৰ পশ্চিম আমনি গাঁৱৰ জিতু উদ্দিন আহমেদে সাজি উলিয়াইছিল এখন কাঠৰ চাইকেল। যিখন চাইকেল সম্পূৰ্ণ কাৰ্যক্ষম চলাবও পাৰি। চেষ্টা কৰিলে যে সকলো সম্ভৱ তাকেই প্ৰমাণ কৰি দেখুৱালে জিতু উদ্দিন নামৰ যুৱকজনে। অতি প্ৰতিভাবান যুৱকজনে ইয়াৰ পূৰ্ৱেও বাহ, কাঠেৰে বিভিন্ন ধৰণৰ সামগ্ৰী সাজি উলিয়াই আহিছে।
 
ইতিমধ্যে যুৱকজনৰ সাফল্যক বহুতো সংবাদ মাধ্যমত প্ৰকাশ হৈছিল৷ জানিব পৰা মতে ২০১৬চনৰে পৰা জিতুয়ে পুহি ৰাখিছিল কাঠৰ চাইকেল সজাৰ সপোন। বাৰে বাৰে বিফল হোৱাৰ পিছত আজি সেই সপোন বাস্তৱত ৰূপায়িত হয়। সম্পূৰ্ণ কাঠেৰে সজা হৈছে এই চাইকেলখন। শেহতীয়াভাৱে সামাজিক তথা সংবাদ মাধ্যমত ফটো ভাইৰেল হোৱাৰ পিছত জিতু উদ্দিনৰ চাইকেল চাবলৈ অহাৰ সংখ্যা বৃদ্ধি হোৱাৰ কথা জানিব পৰা গৈছে। অৱশেষত জিতু উদ্দিনৰ সপোন বাস্তৱায়িত হল৷ India Book of Record ত স্থান পালে উক্ত প্ৰতিভাৱান যুৱকজন৷ 
 
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।