জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ শুক্লাৰ মৃত্যু

 09/02/2021 - 13:39
 
নিউজ ডেস্কঃ জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ শুক্লাৰ দেহাৱসান। বৃহস্পতিবাৰে পুৱা কুপাৰ হাস্পতালত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ শেষ নিশ্বাস ত্যাগ কৰে অভিনেতাগৰাকীয়ে। অভিনেতাগৰাকীৰ আকস্মিক মৃত্যুত মৰ্মাহত হৈ পৰিছে অনুৰাগীসকল।শেহতীয়াকৈ  অভিনেতাগৰাকীক শ্বেহনাজ গিলৰ সৈতে ৰিয়েলিটি শ্ব' বিগ বছ অ'টিটি আৰু ডান্স দিৱানে ৩ ত  দেখিবলৈ পোৱা গৈছিল। বিগ বছ 13-ৰ বিজয়ী সিদ্ধাৰ্থে টেলিভিছনৰ বহুকেইখন ধাৰাবাহিকৰ লগতে বলীউডৰ বহুকেইখন ছবিতো সহঅভিনেতা হিচাপে অভিনয় কৰিছিল।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।