বিহালীত অভিৰুচি ক্ৰীড়া দিৱস পালন

 09/03/2021 - 12:53
 
 
 
 
 বিহালীঃ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সোণৰ পদকেৰে অৰ্জুন বঁটা বিজয়ী ভোগেশ্বৰ বৰুৱাই প্ৰথম ব্যক্তি আৰু জাতিৰ গৌৰব আছিল। শিৱসাগৰৰ জয় সাগৰ পুখুৰীৰৰ অঞ্চলত ৩ চেপ্তেম্বৰত  জন্মগ্ৰহণ কৰা এই মহান খেলুৱৈ গৰাকীৰ এই ওপজা দিনটো অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয়।
 
আজি ৩৮ সংখ্যক অভিৰুচি ক্ৰীড়া দিৱস উপলক্ষে বিহালী বেদেতীৰ স্বেচ্ছাসেৱী ক্ৰীড়া অনুষ্ঠান উদ্দীপ্ত চ'ৰাৰ উদ্যোগত প্ৰতি বছৰৰ দৰে এবাইৰো বেদেতীৰ পৰা ৰৌমাৰী, ৰাংছালী, জামোনী হৈ প্ৰায় ২১ কিলোমিটাৰ মাৰাথান দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।
 
  দৌৰৰ শেষত প্ৰথম, দ্বিতীয় আৰু তৃতীয় বিজয়ীক পুৰষ্কৃত কৰা হয়। এই অনুষ্ঠানত আঁত ধৰে উদ্দীপ্ত চ'ৰাৰ সভাপতি দীপক শৰ্মা 'সম্পাদক জয়ন্ত বৰাৰ লগতে চ'ৰাৰ সদস্যসকলে। এই দৌৰ যাত্ৰা শুভ উদ্বোধন কৰে প্ৰাক্তন খেলুৱৈ পিণ্টু গগৈ। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।