ব্ৰঞ্জৰ পদক জয় কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে অধ্যাপ্ৰিয়া দত্তই

 09/07/2021 - 17:08
 
 
নিউজ ডেস্কঃ শিৱসাগৰ গণকপটিৰ নিবাসী অধ্যাপ্ৰিয়া দত্ত নামৰ দশম শ্ৰেণীৰ ছাত্ৰী গৰাকীয়ে শেহতীয়াকৈ ভাৰত চৰকাৰে অনুষ্ঠিত কৰা ৰাষ্ট্ৰীয় "কলা উৎসৱ" প্ৰতিযোগিতাত বিহু নৃত্য প্ৰদৰ্শনেৰে তৃতীয় স্থান দখল কৰি অসমবাসীলৈ গৌৰৱ কঢ়িয়াই আনিছে।ভাৰত চৰকাৰৰ মানৱ সম্পদ বিকাশ মন্ত্ৰণালয় আৰু শিক্ষা বিভাগৰ এনচিইআৰটি (NCERT)ৰ অধীনত আয়োজন কৰা হৈছিল এই কলা উৎসৱ প্ৰতিযোগিতা।" কলা উৎসৱত" ব্ৰঞ্জৰ পদক লাভেৰে গৌৰৱ কঢ়িয়াই অনা অধ্যাপ্ৰিয়া দত্তই জনোৱা মতে প্ৰতিযোগিতাত অংশগ্ৰহণৰ পূৰ্বে দুদিন ঢোলৰ ওজা সোমনাথ বড়াই গাইড কৰিছিল বুলি সদৰি কৰিছে অধ্যাপ্ৰিয়া দত্তই।অধ্যাপ্ৰিয়া দত্তই  আঢ়ৈ বছৰ বয়সৰ পৰাই সত্ৰীয়া নৃত্য, কথক নৃত্যকে ধৰি বিভিন্ন নৃত্যৰ প্ৰশিক্ষণ লোৱাৰ লগতে বিভিন্ন প্ৰতিযোগিতাত প্ৰদৰ্শন কৰি সাফল্য লাভ কৰি আহিছে।  
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।