CRPF ত নিযুক্তি পাব হোজাই জিলাৰ হাজাৰ হাজাৰ যুৱক-যুৱতীয়ে- চৰ্বিত সিং

 09/09/2021 - 15:05
 
 
 
 
 
 
 
হোজাইঃ বুধবাৰে ৩৪ নং বেটেলিয়ানৰ মহানিৰ্দেশক চৰ্বিত সিং সহ CRPF ৰ DIG মহেন্দ্ৰ কুমাৰ, ৩৪নং বেটেলিয়ানৰ কামাণ্ডেণ্ট শিৱ শংকৰ উপাধ্যায় আৰু ডেপুটি কামাণ্ডেণ্ট ৰাম সিং এই জনীয়া উচ্চপদস্থ বিষয়াই হোজাই সদৰ থানাত উপস্থিত হয়। পৰৱৰ্তী সময়ত হোজাইৰ নতুন বজাৰস্থিত ৩৪ নং CRPF কেম্পৰ লগত হোজাইৰ বিভিন্ন দিশ পৰিদৰ্শন কৰাৰ পাছত এখন সাংবাদমেলৰ আয়োজন কৰে।
 
সংবাদ মেলত সাংবাদিক সকলক সম্বোধন কৰি নিৰ্দেশক চৰ্বিত সিংয়ে হোজাইত অতি সুন্দৰ আৰু শান্তি শৃংখলা বজায় ৰখাৰ বাবে সমগ্ৰ হোজাইবাসীক কৃতজ্ঞতা জ্ঞাপন কৰে। উক্ত সংবাদ মেলত  নিৰ্দেশক চৰ্বিত সিংয়ে কেতবোৰ গুৰুত্বপূৰ্ণ বিষয় উপস্থাপন কৰি কয় যে অনতিপলমে হোজাইত এটা স্থায়ীভাৱে CRPF কেম্প স্থাপন কৰা হব।
 
আৰু আগন্তুবৰ্ষত হোজাই জিলাৰ পৰা বহু যুৱক-যুৱতীক CRPFত নিযুক্তি প্ৰধান কৰাৰ সুযোগ প্ৰধান কৰা হব বুলি মন্তব্য প্ৰকাশ কৰে। আৰু যাৰ বাবে আজিৰেই পৰা ইচ্ছুক যুৱক-যুৱতীসকল নিতৌ অনুশীলন হৈ থকাটো নিতান্ত প্ৰয়োজনীয় হ’ব। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।